হোজাই,30 মে’ : দেওবাৰে হোজাই ৰে’ল ষ্টেচনত বিবেক এক্সপ্ৰেছেৰে উপস্থিত হোৱা 11 গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ভিডত ৷ উল্লেখ্য যে, আৰক্ষী-প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে দেওবাৰে বিয়লি ভাগত হোজাই ৰে’ল ষ্টেচনত আহি উপস্থিত হোৱা বিবেক এক্সপ্ৰেছৰ পৰা নামিছিল 169 গৰাকী যাত্ৰী ৷
আটাইকেইগৰাকী ৰে’ল যাত্ৰীক প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত কৰোৱা ক’ভিড পৰীক্ষাৰ অন্তত 11 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । সেই অনুসাৰে আক্ৰান্ত কেইগৰাকীক স্বাস্থ্য বিভাগে ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ক’ভিডত আক্ৰান্ত নোহোৱা কেইগৰাকীকো এসপ্তাহৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক : গোলাঘাটৰ মুৰফুলনীত জব্দ অবৈধ কাঠ