হোজাই, ৭ মাৰ্চ : হোজাইৰ মোৰাঝাৰত এটি দহ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ । মঙলবাৰৰ পৰা নিখোঁজ হৈ আছিল মোৰাঝাৰ আৰক্ষী থানাৰ ১ নং চামৰআলী গাৱৰ জাকিৰ হুছেইনৰ পুত্ৰ আৰমান আলী চৌধুৰী নামৰ শিশুটি । ঘৰৰ কাষতে থকা ১ নং চামৰ আলী গাঁৱৰ জামে মছজিদত অনুষ্ঠিত হোৱা ওৱাজ মেহফিলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছিল শিশুটি । ইপিনে কোনো দুৰ্বৃত্তই শিশুটিক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ লোকৰ ৷
দহ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰক লৈ হোজাইত চাঞ্চল্য - হোজাই
মঙলবাৰৰ পৰা নিখোঁজ হৈ আছিল শিশুটি
শিশুৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হোজাইত
হোজাই, ৭ মাৰ্চ : হোজাইৰ মোৰাঝাৰত এটি দহ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ । মঙলবাৰৰ পৰা নিখোঁজ হৈ আছিল মোৰাঝাৰ আৰক্ষী থানাৰ ১ নং চামৰআলী গাৱৰ জাকিৰ হুছেইনৰ পুত্ৰ আৰমান আলী চৌধুৰী নামৰ শিশুটি । ঘৰৰ কাষতে থকা ১ নং চামৰ আলী গাঁৱৰ জামে মছজিদত অনুষ্ঠিত হোৱা ওৱাজ মেহফিলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছিল শিশুটি । ইপিনে কোনো দুৰ্বৃত্তই শিশুটিক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ লোকৰ ৷
Slug: Hojai_Dabaka_ Murder.
Date: 07/03/2019.
Vis : email
Strory: যোৱা নিশা হোজাইৰ মোৰাঝাৰত সংগঠিত হৈছেল এক চাঞ্চল্যকৰ জঘন্য ঘটনা। মোৰাঝাৰৰ অকচেক পথাৰ মিকিৰ গাৱৰ ই, এন,ডি, কেনেলৰ এটি কালভাৰ্টৰ তলত বস্তাৰ ভিতৰত এটি দহ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ইয়াকে লৈ সৃষ্টি হয় চাঞ্চল্য। মৃত কিশোৰটো মোৰাঝাৰ আৰক্ষী থানাৰ ১ নং চামৰআলী গাৱৰ জাকিৰ হুছেইনৰ পুত্ৰ আৰমান আলী চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।কিশোৰটো জাগীৰোড হাফিজীয়া মাদ্ৰাছাত অধ্যয়ন কৰি আছিল।মৃত কিশোৰটো যোৱা মঙলবাৰে ঘৰৰ কাষতে থকা ১ নং চামৰ আলী গাঁৱৰ জামে মছজিদত অনুষ্ঠিত হোৱা ওৱাজ মেহফিলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৷ কোনো দুৰ্বৃত্তই কিশোৰটোক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷ কিশোৰটো নিৰুদ্দেশ হোৱা মঙলবাৰেই সন্দৰ্ভত কিশোৰটোৰ পৰিয়ালৰ লোকে মোৰাঝাৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে মোৰাঝাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আজি পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷
হোজাই জিলা আৰক্ষীৰ লগতে মোৰাঝাৰ আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ বাবে দিনক দিনে মোৰাঝাৰ অঞ্চলত অপহৰন, হত্যা, ধৰ্ষনৰ দৰে অপৰাধ মূলক ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ অভিযোগ উত্থাপন কৰিছে জিলাৰখনৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷চলিত বৰ্ষতেই মোৰাঝাৰ আৰক্ষী থানাৰ এলেকাত তিনিতাকৈ অপহৰন আৰু হত্যাৰ দৰে তিনিটাকৈ ঘটনা সংগঠিত হৈছে ৷ এক প্ৰকাৰে অপৰাধী সকলে মোৰাঝাৰ আৰক্ষীক অপেন চেলেঞ্জ কৰি সংগঠিত কৰি গৈছে এটা এটাকৈ হত্যাকাণ্ড ৷ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ পৰিবৰ্তে,জিলা আৰক্ষী প্ৰশাসনৰ এচাম উৰ্ধতম বিষয়াক মেনেজ কৰাতহে বেছিভাগ সময় ব্যস্ত থাকে কণিষ্ঠ আৰক্ষী বিষয়া সকল ৷ এই শিশু হত্যাকাণ্ডৰ হত্যাকাৰীক আৰক্ষীয়ে পাৰিবনে গ্ৰেপ্তাৰ কৰিবলৈ? ন্যায় দিব পাৰিবনে কিশোৰটোৰ পৰিয়ালক?
BYTE: আমছু নেতা ৷
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam