ETV Bharat / state

হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি : দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা প্ৰশাসনৰ - চিকিৎসক

হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত মঞ্জুবালা ৰায় নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jul 10, 2019, 2:43 PM IST

হাইলাকান্দি,১০জুলাই : বুধবাৰে হাইলাকান্দিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি হাইলাকান্দি এচ.কে.ৰায় অসামৰিক হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি

মঙলবাৰে মঞ্জুবালা ৰায় নামৰ এগৰাকী মহিলা শ্বাসজনিত ৰোগত অসুস্থ হৈ পৰাত মহিলাগৰাকীক ভৰ্তি কৰা হৈছিল হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত। কিন্তু বুধবাৰে পুৱা হাস্পতালতেই মৃত্যু হয় মহিলাগৰাকীৰ। মহিলাগৰাকীৰ মৃত্যুৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাস্পতালখনত। স্থানীয় ৰাইজ তথা পৰিয়ালৰ দাবী চিকিৎসক আৰু নাৰ্ছৰ হেমাহিৰ বাবেই মৃত্যু হয় মহিলাগৰাকীৰ। পৰিয়ালৰ অভিযোগ, হাস্পতালখনত কৰ্তব্যৰত নাৰ্ছ আৰু চিকিৎসকৰ ওচৰত সহায়ৰ বাবে বহুবাৰ যোৱা হৈছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে চিকিৎসক আৰু নাৰ্ছে। যাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে। ইফালে,মৃতদেহটো ঘৰলৈ লৈ যোৱাক কেন্দ্ৰ কৰিও সৃষ্টি হয় সমস্যাৰ । অৱশেষত জিলা প্ৰশাসনে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে আৰু এই ঘোষণাৰ পাছতেই মঞ্জুবালাৰ পৰিয়ালে মৃতদেহটো লৈ যায় ঘৰলৈ।

Intro:SLUG :: চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ হাইলাকান্দিত।

Body:O/C :: চিকিৎসাৰ অভাবত মৃত্যু মহিলাৰ। কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছৰ হেমাহিৰ বাবে মৃত্যুৰ অভিযোগ পৰিৱালৰ। উত্তাল হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতাল।
মঙ্গলবাৰ শ্বাস জনিত ৰোগত অসুস্হ অবস্থাত হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মঞ্জুবালা ৰায় নামৰ এগৰাকী মহিলাক। বুধবাৰে পুৱা হাস্পতালৰ মহিলা ওয়াৰ্ডতেই মৃত্যু হয় মহিলা গৰাকীৰ। মৃত্যুৰ পিছতে মহিলাৰ পৰিয়ালৰ লোকে উত্তপ্ত কৰি তোলে হাস্পতাল চৌহদ। তেওঁলোকৰ অভিযোগ কৰ্তব্যৰত নাৰ্ছ আৰু চিকিৎসকক বাৰ বাৰ অভিযোগ কৰাৰ পিছতো মঞ্জুবালাৰ চিকিৎসাৰ কোন ব্যবস্হা কৰা নাই। চিকিৎসক আৰু নাৰ্ছৰ হেমাহিৰ অভিযোগত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি মৃতদেহ ঘৰলৈ লৈ যোৱাত পৰিয়ালটোয়ে আপত্তি কৰিলে সৃষ্টি হয় আন এক জটিল সমস্যাৰ। অবশেষত জিলা প্ৰশাসনে গোটেই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষনাৰ পিছতে মৃতদেহ সমঝিলয় মঞ্জুবালাৰ পৰিয়ালে। ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে হাস্পতালখনত।

byte :: Family memberConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.