উপ নিৰ্বাচন : পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ল ভোটগ্ৰহণ
শনিবাৰে পুৱা 7 বজাৰ পৰা ৰাজ্যৰ পাঁচ সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমষ্টিকেইটাৰ মুঠ 7,96,456 গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷
বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ
বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ ৷ শেহতীয়াকৈ একাংশ লোকে সামাজিক মাধ্যমত কিছু অশ্লীল মন্তব্য কৰা দেখা গৈছিল ৷
ব্ৰিটিছ শাসনত ৰক্তপাতহীন বিপ্লৱৰ এক গৌৰৱময় ইতিহাস আৰু কুমাঁও কেশৰী
কুমাঁও কেশৰী বদ্ৰী দত্ত পাণ্ডেৰ জীৱন কাহিনী ৷ 1882 চনত হৰিদ্বাৰত জন্ম হোৱা পাণ্ডেই অন্ত পেলাইছিল ব্ৰিটিছৰ অত্যাচাৰী কুলি-বেগৰ প্ৰথাৰ ৷ জানো আঁহক সবিশেষ ৷
Beltala murder case : ফাদিল হ’ল ৰহস্য
বেলতলাৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল । কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে বৃদ্ধ দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ৷ হত্যাৰ কাৰণ ইতিমধ্যে আৰক্ষীক জনাইছে আকাশ চৌধুৰীয়ে ৷
আৰ্থাৰ ৰোড কাৰাগাৰতে আৰু এটা বিনিদ্ৰ ৰজনী কটাব আৰিয়ানে
ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে শুকুৰবাৰেও নাপালে মুক্তি । জানো আহক মুক্তিৰ পিছত কি কি নিয়ম অৱলম্বন কৰিব লাগিব আৰিয়ানে ৷
নিজকে জননেতা বুলি ভবা অখিলৰ ওচৰত নাই জনতা : দিলীপ শইকীয়া
অখিল গগৈ অপ্ৰাসংগিক, অখিলে নিজকে জননেতা বুলি ভাৱে; কিন্তু অখিলৰ ওচৰত জনতা নাই ৷ সেয়ে থাওৰাত ৰাইজৰ দলে বিলাইছে সুৰা- এই মন্তব্য মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাঃ সম্পাদক দিলীপ শইকীয়াৰ ৷ ইয়াৰোপৰি নিৰ্বাচনী আয়োগে ৰাইজৰ দলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য প্ৰকাশ সাংসদ গৰাকীৰ ৷
MOLESTATION : শিক্ষকৰ কৰ্মকাণ্ডই লজ্জিত কৰিলে সভ্য সমাজক
বৰপেটাৰ পাটবাউসীৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এগৰাকী শিক্ষকৰ কৰ্মকাণ্ডই ৷ অভিযোগ মতে, বৰপেটাৰ গণককুছিৰ নিবাসী পৱন দাস নামৰ শিক্ষকগৰাকীয়ে শাৰীৰিকভাৱে অপদস্থ কৰিছিল নিজে শিক্ষাদান কৰা এগৰাকী শিক্ষাৰ্থীক ৷
National Tribal Dance Festival 2021: আদিবাসী মহোৎসৱত উজলিল ‘বিহু’
চট্টিছগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ত জিলিকি উঠিল অসমীয়াৰ প্ৰাণৰ বিহুটি ৷ ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অসমৰ বিহু নৃত্যই দৰ্শকৰ মন মোহগ্ৰস্ত কৰিবলৈ সক্ষম হৈছে ৷
জ্যেষ্ঠ সাংবাদিক বিজয় শংকৰ শইকীয়াৰ দেহাৱসান
বিশিষ্ট সাংবাদিক ড৹ বিজয় শংকৰ শইকীয়াৰ দেহাৱসান। শুকুৰবাৰে দিনৰ ভাগত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৭ বছৰ ।
তু য়হী হ্যেঃ হৃদয়স্পৰ্শী গীতেৰে সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি শ্বেহনাজ গীলৰ
অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছৰে পৰা ছ'চিয়েল মিডিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছিল শ্বেহনাজ গীলে । সিদ্ধাৰ্থৰ মৃত্যুৰ পাচত অনুৰাগীয়ে শ্বেহনাজক লৈ চিন্তাও ব্যক্ত কৰিছিল । কিন্তু শ্বেহনাজে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । অৱশেষত সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত মুকলি কৰিলে শ্বেহনাজে । গীতটিয়ে আবেগিক কৰি তুলিছে অনুৰাগীক ৷