হাইলাকান্দি, 15 ফেব্ৰুৱাৰীঃ হাইলাকান্দিত নাৰী সৰবৰাহকাৰীৰ সন্দেহত গ্ৰেপ্তাৰ ভিন ৰাজ্যৰ তিনিজনকৈ লোক ৷ শুকুৰবাৰে নিশা স্থানীয় এখন লজ'ৰ পৰা স্থানীয় ৰাইজৰ সহযোগিতাত আটক কৰা হয় ৰাজস্থান আৰু হাৰিয়ানাৰ তিনি নাগৰিক ৷ আটকাধীন লোককেইজন ক্ৰমে পুস্পেন্দৰ সিং, ৰিংকু চৌধুৰী আৰু সুৰেন্দ্ৰ চৌধুৰী ৷ ইয়াৰে পুস্পেন্দৰ সিং আৰু ৰিংকু চৌধুৰীৰ ঘৰ হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত আৰু সুৰেন্দ্ৰ চৌধুৰীৰ ঘৰ ৰাজস্থানৰ ঝুনঝুন জিলাত ৷ উল্লেখ্য যে, এই তিনিওগৰাকী লোকে প্ৰৱঞ্চনাৰে স্থানীয় এগৰাকী যুৱতীক বিয়া পাতিবলৈ আহিছিল ৷
আনহাতে, যুৱতীগৰাকীৰ ভাতৃ আৰু প্ৰতিৱেশী তিনি মহিলাই বলপূৰ্বকভাৱে যুৱতীগৰাকীক বিয়া দিবলৈ চেষ্টা কৰে ৷ কিন্তু যুৱতীগৰাকীয়ে এই বিয়াত সন্মতি প্ৰদান নকৰি স্থানীয় ৰাইজৰ কাষ চাপে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগিতাত আৰক্ষীয়ে হাইলাকান্দিৰ এখন ল’জৰ পৰা তিনি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে যুৱতীগৰাকীৰ ভাতৃয়ে পলায়ন কৰে যদিও আৰক্ষীয়ে তেখেতক বিচাৰি অব্যাবত ৰাখিছে আভিযান ৷
লগতে পঢ়ক-ছ'চিয়েল মিডিয়াৰ এটা ভাইৰেল ভিডিঅ':দক্ষতা এটি কণমানিৰ