ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ বিৰুদ্ধে হাইলাকান্দিত প্ৰতিবাদ

author img

By

Published : Jun 22, 2020, 6:29 PM IST

২০ কোটি টকাৰ আৰ্থিক কেলেংকাৰিৰ মূল অভিযুক্তক হাইলাকান্দিৰ পৰা বদলি কৰাক লৈ জাঙুৰ খাই উঠিছে জিলাখনৰ দল-সংগঠন ৷

SMSS PROTEST AGAINST RELEASE RAJIV KUMAR JHA
হাইলাকান্দি

হাইলাকান্দি, 22 জুনঃ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত ২০ কোটি টকাৰ আৰ্থিক কেলেংকাৰিকলৈ উত্তাল হৈ পৰিছে হাইলাকান্দি জিলা। এই বিয়াগোম কেলেংকাৰিৰ তদন্ত চলি থকা অৱস্থাতে অভিযুক্ত শিক্ষা বিষয়া ৰাজীব কুমাৰ ঝাক হাইলাকান্দিৰ পৰা বদলি কৰাৰ ঘটনাই অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ মূল অভিযুক্তক হাইলাকান্দিৰ পৰা বদলি কৰাক লৈ উত্তপ্ত হৈ পৰিছে জিলাখনৰ দল-সংগঠন ৷

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰিকলৈ হাইলাকান্দিত প্ৰতিবাদ

লগতে পঢ়কঃ গোলাঘাটত বানৰ কবলত হেজাৰ-হেজাৰ বিঘা কৃষিভূমি

বিষয়াগৰাকীৰ বদলিকৰণৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । জিলাখনৰ স্থানীয় এডুকেছন কমপ্লেকছৰ সম্মুখত সুদীৰ্ঘ তিনি ঘন্টা সময় প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে । ইপিনে, মধ্য হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইন লস্কৰো প্ৰতিবাদস্থলীত উপস্থিত হৈ এই প্ৰতিবাদক সমৰ্থন জনায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.