হাইলাকান্দি,25 নৱেম্বৰ: তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যাত্ৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ৷ বুধবাৰে নেতাজনে উপস্থিত হয় হাইলাকান্দিৰ আৱৰ্ত ভৱনত ৷ আৱৰ্ত ভৱনৰ পৰা এক বাইক ৰেলীৰে উষ্ম আদৰণি জনায় নেতাজনক ৷ হিন্দুত্ববাদী ভাৱধাৰা জাগ্ৰত কৰাৰ উদ্দেশ্যৰে নেতাজনে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ভ্ৰমণ কৰি আহা পৰিলক্ষিত হৈছে ৷
স্থানীয় আদিকালি বাড়ী মন্দিৰত পূজা পাঠ কৰি নেতাজনে বাৰোৱাৰী মন্দিৰ প্ৰাংগনত এখন সভাত অংশ গ্ৰহণ কৰে ৷ সভাত অংশ গ্ৰহণ কৰিয়ে নেতাজনে মুছলমান বিৰোধী নানান ধৰণৰ মন্তব্য কৰে ৷
লগতে পঢ়ক:ডিফুত পথৰ দাঁতিৰ হাবি-বন পৰিষ্কাৰ কৰিবলৈ ওলাই আহিল মহিলা