হাইলাকান্দি,২০ মে' : হাইলাকান্দি আৰক্ষীৰ জালত ধৰা পৰিছে দুই ৰহিংগীয়া নাগৰিক । হাইলাকান্দি জিলাৰ ধলছেড়া গাঁৱৰ পৰা লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবুল হালিম আৰু লুবেদা বেগম নামৰ ৰহিংগীয়া নাগৰিক দুজনক । অবৈধ ভাৱে ম্যানমাৰৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰি ধৰা পৰিল ৰহিংগীয়া নাগৰিক দুজন । ধলছেড়া গাঁৱৰ হবিবুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিৰ ঘৰত শিলচৰৰ সোণাইৰ এজন ব্যক্তিয়ে নিজ আত্মীয়ৰ পৰিচয় দি তিনিদিন আগতে লৈ আহিছিল এই দুজন লোকক। পিছত হবিবুৰ ৰহমানৰ সন্দেহ হোৱাৰ বাবে খবৰ দিয়ে আৰক্ষীক । পিছত আৰক্ষীয়ে গৈ হবিবুৰ ৰহমানৰ ঘৰৰ পৰা আটক কৰে এই দুগৰাকীক ।
লগতে আটক কৰে শিলচৰৰ সোণাইৰ লোকজনকো । অৱশ্যে পৰৱৰ্তী তদন্তৰ বাবে এই ব্যক্তি জনৰ নাম আৰু পৰিচয় গোপন কৰি থৈছে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে ৰহিংগীয়া সৰবৰাহৰ লগত এটা আন্তৰ্জাতিক চক্ৰ জড়িত আছে বুলি সন্দেহ কৰিছে । ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।