হাইলাকান্দি, 25 ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ তেখেতৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱাৰ বাবে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বৰাকলৈ যোৱা ৰিপুন বৰাই মঙলবাৰে নিশা হাইলাকান্দিত উপস্থিত হৈ জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মিলিত হয় ৷ ৰিপুন বৰাৰ সৈতে বৰাকলৈ যায় অসম প্ৰদেশ কংগ্ৰেছৰ এটা দলো ৷
আনহাতে ৰিপুন বৰাৰ নেতৃত্বত যোৱা দলটোক হাইলাকান্দি জিলাৰ ধলেশ্বৰৰ পৰা এক বিশাল বাইক ৰেলীৰ জৰিয়তে আদৰণী জনাই হাইলাকান্দি লৈ যায় কংগ্ৰেছ কৰ্মী সকলে । পিছত স্থানীয় কংগ্ৰেছ ভৱনত উপস্থিত হৈ সম্বোধন কৰা এক সংবাদমেলত ৰিপুন বৰাই
CAB 'ক অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক-2016ক ললী পপ আখ্য দি এই বিধেয়কৰ জৰীয়তে নাগৰিকত্ব পোৱা সকলে মাটি ক্ৰয়,চাকৰি আৰু ব্যবসায়ৰ অধিকাৰ নেপায় বুলি মন্তব্য কৰে ৷ লগতে কিছু দিন আগতে বৰাক উপত্যকালৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিটেনচন কেম্পকলৈ কৰা সাম্প্ৰদায়িক মন্তব্যৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ ও দাবী উত্থাপন কৰে ৷
উল্লেখ্য যে সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে এই বিষয়ত শংকিত নহ'বলৈ বৰাকৰ বিভিন্ন প্ৰান্তত ৰাইজৰ সৈতে আলোচনাত মিলিত হয় ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ দলটো ৷