ETV Bharat / state

লক ডাউনৰ মাজতে হাইলাকান্দিত বৃহৎ কেলেংকাৰী - হাইলাকান্দিত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী

হাইলাকান্দিত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ দৰিদ্ৰ লোকৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ হাইলাকান্দি জিলাৰ সভাপতি আফতাব উদ্দিন লস্কৰৰ বিৰুদ্ধে ৷

Rice Corruption in Hailakandi
লক ডাউনৰ মাজতে হাইলাকান্দিত বৃহৎ কেলেংকাৰী
author img

By

Published : Apr 16, 2020, 5:20 PM IST

হাইলাকান্দি,16এপ্ৰিলঃ ৰাজ্যত লক ডাউন অব্যাহত থকাৰ সময়তে হাইলাকান্দিত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী ৷ জিলাখনৰ মোহনপুৰ সমবায় সমিতিত সংঘটিত হৈছে এই কেলেংকাৰী ৷ খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকৰ বাবে চৰকাৰে মোকলাই দিয়া 40লাখ টকাৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উঠিছে হাইলাকান্দি জিলাৰ অগপ সভাপতি আফতাব উদ্দিন লস্কৰৰ বিৰুদ্ধে ৷ ইপিনে এই কেলেংকাৰীৰ সন্দৰ্ভত জিলা প্ৰশাসনে সমবায় সমিতিৰ সচিব তথা হাইলাকান্দি জিলা অগপ সভাপতি আফতাব উদ্দিন লস্কৰক মূল অভিযুক্ত হিচাপে আলগাপুৰ থানাত ৰজু কৰিছিল গোচৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত আলগাপুৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি বুধবাৰে নিশা হাইলাকান্দিৰ মোহনপুৰ অঞ্চলৰ 'বেৰা খালৰপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়'ৰ এটা বন্ধ কোঠাৰ পৰা উদ্ধাৰ কৰে প্ৰায় 45 বেগ চাউল আৰু 5 বেগ আটা ৷ আনহাতে আজি পুনৰ এই ঘটনাৰ তদন্ত চলাই আলগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছামচিৰ উদ্দিন শেখ নামৰ এজন লোকক ৷

লক ডাউনৰ মাজতে হাইলাকান্দিত বৃহৎ কেলেংকাৰী

উল্লেখযোগ্য যে, এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত আলগাপুৰ আৰক্ষীয়ে বুধবাৰে নিশাই গ্ৰেপ্তাৰ কৰিছিল মোহনপুৰ সমবায় সমিতিৰ দুই সদস্য ময়নুল হক বড়ভূঞাৰ লগতে নিজাম উদ্দিন লস্কৰ নামৰ আন দুজন লোকক ৷

লগতে পঢ়কঃ উজনিৰ 10 খন জিলাৰ আইন শৃংখলাজনিত পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.