ETV Bharat / state

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিজেপি কৰ্মী - দীনদয়াল উপ্যাধ্য়ায় মডেল কলেজ

হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ ঘাড়মুৰা গাঁৱত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিজেপি কৰ্মী ৷ কাটলিছেড়া সমষ্টিত এখন দীনদয়াল উপ্যাধ্য়ায় মডেল কলেজ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ পাচতো ভূমিৰ অভাৱত কলেজখন স্থাপন কৰা নহ'ব বুলি পৰিমল শুক্লবৈদ্যই মন্তব্য কৰা পাচতে ক্ষোভিত হৈ পৰে হাইলাকান্দিৰ বিজেপি কৰ্মী সকল ৷

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিজেপি কৰ্মী

author img

By

Published : Jan 14, 2021, 5:03 PM IST

হাইলাকান্দি, 14 জানুৱাৰী: মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ প্ৰতিবাদ হাইলাকান্দিত ৷ হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ ঘাড়মুৰা গাঁৱত প্ৰতিবাদত নামি পৰিল বিজেপি কৰ্মী সকল ৷ কিয়নো অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিত এখন দীনদয়াল উপ্যাধ্য়ায় মডেল কলেজ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ পাচতো আজিলৈ কলেজ স্থাপন বাবে কোনো ধৰণৰ পদক্ষেপ নল'লে ৷ পূৰ্বতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কলেজ নিৰ্মাণৰ বাবে ফৰেষ্টৰ ভূমি দিয়াৰ কথা কৈছিল যদিও পাচলৈ ভূমিৰ অভাৱত কলেজখন স্থাপন কৰা নহ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিজেপি কৰ্মী
মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিজেপি কৰ্মী

এই মন্তব্যৰ পাচতে ক্ষোভিত হৈ পৰে হাইলাকান্দিৰ বিজেপি কৰ্মী সকল ৷ ক্ষোভিত কৰ্মী সকলে পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰী গৰাকীৰ বেনাৰ পোষ্টাৰ সকলোবোৰ ফালি পেলাই ৷ অতি সোনকালে কলেজ নিৰ্মাণৰ দাবী জনায় ৷ যদিহে অতি শীঘ্ৰে দীনদয়াল উপ্যাধ্য়ায় মডেল কলেজখন নিৰ্মাণ নকৰে তেন্তে 2021 চনৰ বিধান সভা নিৰ্বাচনৰ বাবে কোনো প্ৰতিনিধিক সমষ্টিটোত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলিও মন্তব্য কৰাৰ লগতে ভোট বৰ্জনৰো হুংকাৰ দিয়ে বিজেপি কৰ্মী সকলে ৷

লগতে পঢ়ক: ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.