হাইলাকান্দি, 3 চেপ্তেম্বৰ: সদনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ কৰি ছেবা আৰু হাইস্কুল সমূহৰ সৈতে একত্ৰীকৰণ কৰাৰ বিষয়ে চলিত অধিবেশনত উল্লেখ কৰাৰ পাচতে ক্ষুভিত হৈ পৰিছে একাংশ লোক ৷ এই বিষয়ক লৈ বৃহস্পতিবাৰে হাইলাকান্দিৰ জ্যেষ্ঠ অধিবক্তা মফুজ্জল বৰভূঞাই এখন সংবাদমেল অনুষ্ঠিত কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে ৷ চৰকাৰে মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্ত অতি নিন্দনীয় বুলি সংবাদমেলযোগে উল্লেখ কৰে অধিবক্তা গৰাকীয়ে ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে সদনত এনে মন্তব্য কৰাৰ পাচতো কিয় কংগ্ৰেছ, এ আই ইউ ডি এফ আদিৰ দৰে বিৰুধী দলে নীৰৱ ভূমিকা পালন কৰি থাকিল বুলিও প্ৰশ্ন উত্থাপন কৰে তেওঁ ৷
লগতে পঢ়ক: গোলাঘাটৰ কমাৰগাঁৱত ১০০ গৰাকী কৃষকক বিতৰণ চৰকাৰী পাৱাৰ টিলাৰ