ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোচনীয় বাট-পথ - গড়কাপ্তানি

পথ আৰু দলঙৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণক ৷ হাইলাকান্দিৰ লাল চহৰ সংযোগী গড়কাপ্তানি পথৰ অৱস্থা এতিয়া অতিকৈ শোচনীয় ৷ মঙলদৈৰ দলগাঁও যোগীপাৰা গাঁওৰ দলঙখন ভাগি যোৱাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থা ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোচনীয় বাট-পথ
author img

By

Published : Aug 23, 2019, 7:43 PM IST

নিউজডেস্ক, 23 আগষ্ট : বেয়া পথৰ বাবে ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতি । পথ আৰু দলঙৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণক ৷ হাইলাকান্দিৰ লাল চহৰ সংযোগী গড়কাপ্তানি পথৰ অৱস্থা এতিয়া অতিকৈ শোচনীয় ৷ জিলাখনৰ কাটলিছেড়া বিধানসভা সমষ্টিত থক‍া এইটো পথেৰে বি এড কলেজ, আই টি আই সহ বহুকেইটা গুৰুত্বপূৰ্ণ শিক্ষ‍া প্ৰতিষ্ঠানলৈ যাতায়াতৰ বাবে একমাত্ৰ পথ এইটোয়ে । কিন্তু বিগত কিছু দিনৰ পৰা পথটোৰ ওপৰত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ । আনহাতে, মঙলদৈৰ দলগাঁও যোগীপাৰা গাঁওৰ যাতায়তৰ একমাত্ৰ ভৰসাৰ দলং খন ভাগি যোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি ৷ 18 বছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখনৰ খুটা কেইটা পচি যোৱা বাবে এই অৱস্থা । স্কুল কলেজৰ ছাত্ৰ- ছাত্ৰীসকলে বহু দূৰ ঘূৰি যাবলগীয়া হৈছে । মাত্ৰ 5 কিল’মিটাৰ দূৰত্বৰ দেওমৰনৈ মহাবিদ্যালয়লৈ যাবলৈ 12 কিল’মিটাৰ ঘূৰিব লগা হৈছে ছাত্ৰ - ছাত্ৰী । কিন্তু ইমানৰ পাচতো কোনো গুৰুত্ব নাই গড়কাপ্তানি বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ ৷ এতিয়া ৰাজ্যৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায় পৰিবহণ ক্ষেত্ৰৰ এনে দুৰৱস্থা ৷

Intro:SLUG:- বেয়া পথৰ বাবে হাহাকাৰ কাটলিছেৰাত।Body:O/C:-ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ সৰ্বত্ৰ এতিয়া বেয়া পথক লৈ হাহাকাৰ। সংকটজনক ৰূপ লৈছে ৰাজ্যৰ প্ৰায় প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাটপথে। এয়া হাইলাকান্দি জিলাৰ ১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু কাঠলিছেড়াৰ সৈতে লাল‍‍া চহৰ সংযোগী গৰকাপ্তানী পথৰ দৃশ্য। জিলাখনৰ কাঠলিছেড়া বিধানসভা সমষ্টিত থক‍া এইটো পথেৰে বি এড কলেজ, আই টি আই সহ বহু কেইটা গুৰুত্বপূৰ্ণ শিক্ষ‍া প্ৰতিষ্ঠানত যাতায়াতৰ এইটোয়ে একমাত্ৰ পথ। কিন্তু বিগত কিছু দিনৰ পৰা পথটো উপৰত সৃষ্টি হৈছে এনে বিশাল বিশাল পুখুৰীৰ। কিছু স্থানৰ কদৰ্যময় পৰিস্হিতি দেখিলে আপুনি ভাবিব নোৱাৰিব এয়া পথ নে পথাৰ। এনেই অবস্থাত এতিয়া দিন যাপন কৰিবলগা হৈছে কাঠলিছেড়াৰ ৰাইজৰ।
কিন্তু ইমানৰ পিছতেও কুম্ভনুদ্ৰাত গৰকাপ্তানী বিভাগ সহ স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ। যোৱা তিনি বছৰে বিধায়ক গৰাকীয়ে এটা দিনৰ বাবেও নিজ সমষ্টিৰ এই সকল পথ মেৰামতিৰ কথা উত্থাপন নকৰিলে বিধানসভাত। গৰকাপ্তানী বিভাগেও এই পথটোৰ মেৰামতিৰ বাবে নললে কোন ব্যবস্হা। এতিয়া স্থানীয় এগৰাকী ব্যবসায়ীয়ে নিজাকে সামান্য মেৰামতি কৰি চলন উপযোগী কৰিছে পথখন।

byte :: localConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.