হাইলাকান্দি,4 ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাইলাকান্দিতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট ৷ হাইলাকান্দিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বিগত 1 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমতেই পানী যোগান আঁচনিৰ অস্থায়ী কৰ্মীসকলে কৰ্মবিৰতি আন্দোলন ৰূপায়ন কৰিছে ৷
বৃহস্পতিবাৰৰ পুৱাৰ পৰা হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সম্মুখৰ গেটত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰীসকলে ৷
এই প্ৰতিবাদত অসম চৰকাৰ হায় হায়,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । তেওঁলোকৰ দাবী অতি সোনকালে প্ৰাপ্য দৰমহা মুকলি কৰি দিব লাগে লগতে চাকৰি স্থায়ীকৰন কৰি দিয়াৰ ও দাবী জনাইছে ৷ অন্যথা এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মীসকলে ৷