কৰিমগঞ্জ,হাইলাকান্দি,17 অক্টোবৰঃ বেংগালুৰুত চাকৰি কৰিবলৈ গৈ নিৰ্যাতনৰ সন্মুখীন হ'ল অসমৰ যুৱক ৷ ঘটনা অনুসৰি বেংগালুৰুৰ এটা চিকিউৰিটি এজেন্সিত কৰ্মৰত হৈ থকা হাইলাকান্দি জিলাৰ আয়নাখলৰ অজয় ৰৱিদাস আৰু কাছাৰ জিলাৰ বৰখলাৰ এজন যুৱকক সামান্য কথাতে গুৰুতৰভাৱে প্ৰহাৰ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈ পৰাৰ পিচত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ বেংগালুৰুত সুৰক্ষা কৰ্মীৰ কাম কৰা এই যুৱক দুজনক এজেন্সিৰ স্বত্বাধিকাৰ চেলিম খানে বেয়াকৈ প্ৰহাৰ কৰিছিল ৷ এটা ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ ভিতৰত কৰ্মীসকলক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিচতে এই সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰে ৷ ইফালে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱক দুজনৰ পৰিয়ালৰ লোকে ৷
বহি:ৰাজ্যত অসমৰ যুৱকক নিৰ্যাতন - বহি:ৰাজ্যত অসমৰ যুৱকক নিৰ্যাতন
সামান্য কথাতে গুৰুতৰভাৱে প্ৰহাৰ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈ পৰাৰ পিচত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ বেংগালুৰুত সুৰক্ষা কৰ্মীৰ কাম কৰা এই যুৱক দুজনক এজেন্সিৰ স্বত্বাধিকাৰ চেলিম খানে বেয়াকৈ প্ৰহাৰ কৰিছিল ৷
কৰিমগঞ্জ,হাইলাকান্দি,17 অক্টোবৰঃ বেংগালুৰুত চাকৰি কৰিবলৈ গৈ নিৰ্যাতনৰ সন্মুখীন হ'ল অসমৰ যুৱক ৷ ঘটনা অনুসৰি বেংগালুৰুৰ এটা চিকিউৰিটি এজেন্সিত কৰ্মৰত হৈ থকা হাইলাকান্দি জিলাৰ আয়নাখলৰ অজয় ৰৱিদাস আৰু কাছাৰ জিলাৰ বৰখলাৰ এজন যুৱকক সামান্য কথাতে গুৰুতৰভাৱে প্ৰহাৰ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈ পৰাৰ পিচত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ বেংগালুৰুত সুৰক্ষা কৰ্মীৰ কাম কৰা এই যুৱক দুজনক এজেন্সিৰ স্বত্বাধিকাৰ চেলিম খানে বেয়াকৈ প্ৰহাৰ কৰিছিল ৷ এটা ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ ভিতৰত কৰ্মীসকলক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিচতে এই সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰে ৷ ইফালে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱক দুজনৰ পৰিয়ালৰ লোকে ৷
বহিৰাজ্যেত এইবাৰ অসমৰ দুই যুৱকক নিৰ্মম ভাবে প্ৰহাৰ ।আৰু ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰিছে নিৰ্যাতনৰ সমগ্ৰ দৃশ্য।ছোচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত ৰাজ্যে জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।বেংলৰ চিকিউৰিটি এজেন্সিৰ স্বত্বাধিকাৰ চেলিম খানে সংগঠিত কৰে এই ঘটনা। ব্যক্তিগত খণ্ডৰ এই কাৰ্য্যালয়ৰ ভিতৰত কৰ্মীসকলক নিৰ্যাতনৰ ঘটনা সংগঠিত হৈছিল ।মালিকৰ নিৰ্যাতনৰ বলি হৈছিল হাইলাকান্দি জিলাৰ আয়নাখলৰ অজয় ৰৱিদাস আৰু কাছাৰ জিলাৰ বৰখলাৰ এজন যুৱক ।গোটেই ঘটনাৰ পাছত একাধিক গোচৰ ৰুজু হৈছে।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজেন্সিৰ গৰাকী চেলিম খানক।উল্লেখযোগ্য যে অসমত নিবুনুয়া সমস্যাৰ বাবে ৰাজ্যৰ পৰা বহি ৰাজ্য লৈ বহু যুৱক যাবলগীয়া হয় আৰু বহি ৰাজ্যেত নিৰ্যাতনৰ বলি হব লগা হয়।সম্প্ৰতি বেঙ্গালোৰত সংগঠিত এই ঘটনাই ৰাজ্য জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আৰু চেলিম খানৰ ঘৰ কৰিমগঞ্জ জিলাৰ ইচাবিলত।
কৰিমগঞ্জৰ পৰা ৰাম চক্ৰৱৰ্তীৰ লগত হাইলাকান্দিৰ পৰা অনুপম সিংহ ইটিভি ভাৰত অসম।Conclusion: