হাইলাকান্দি, 14 জুলাই: হাইলাকান্দিত কৃষক নেতাৰ ওপৰত প্ৰাণঘাতি আক্ৰমণ । হাইলাকান্দি জিলাত সংগঠিত 20 কোটি টকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তিক হোৱা কেলেংকাৰীক লৈ গোচৰ কৰাৰ বাবেই আক্ৰমণৰ বলি হ’ব লগা হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰ ।
মঙলবাৰে বিয়লি আনুমানিক 4 বজাত সংগঠিত হয় এই আক্ৰমণৰ ঘটনা । জহিৰ উদ্দিনে জনোৱা মতে,স্থানীয় জিলা পৰিষদ কাৰ্যালয়লৈ ব্যক্তিগত কামলৈ আহিছিল তেওঁ ৷ কিন্তু জিলা পৰিষদ কাৰ্যালয়ৰ ভিতৰত থকা কেইজনমান যুৱ কংগ্ৰেছীয়ে তেওঁৰ ওপৰত প্ৰাণে মাৰাৰ চেষ্টা কৰি আক্ৰমণ চলায় । পিছত জিলা পৰিষদ কাৰ্যালয়ৰ এটা কক্ষত সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰে জহিৰে ।
জিলা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পাচত আৰক্ষীৰ এটা দল ঘটনাস্থলীত আহি উপস্থিত হয় আৰু তেওঁক উদ্ধাৰ কৰে। এই ঘটনা সংক্ৰান্তত সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে মুঠ চাৰি জন যুৱ কংগ্ৰেছী নেতা ক্ৰমে জাহান লস্কৰ,জহিৰুল লস্কৰ,হিলাল লস্কৰ আৰু বাবু লস্কৰক অভিযুক্ত কৰি হাইলাকান্দি সদৰ থানাত এটা গোচৰ ৰুজু কৰে ।
লগতে চাওক- জালুকবাৰী সমষ্টিত অস্থায়ী শিবিৰ স্থাপন বানাক্ৰান্তৰ