হাইলাকান্দি, 7 মে': লক্ ডাউনৰ ফলত বিদ্যালয়-মহাবিদ্যালয় বন্ধ হোৱা হেতুকে হাইকান্দিৰ জিলা প্ৰশাসনে গ্ৰহণ কৰে বিকল্প পদক্ষেপ । হাইলাকান্দি জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰিলে এটা ইউটিউব চেনেল ।
বৃহস্পতিবাৰে বুদ্ধ পুৰ্ণিমা দিনা জিলা প্ৰশাসনে মুকলি কৰিলে চেতনা নামৰ ইউটিউব চেনেলটো । এই চেনেলত জিলাখনৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে কৰিব পাঠদান । ইতিমধ্যে নৱম আৰু দশম শ্ৰেণীৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ পাঠ্যক্ৰম মুকলি কৰা হৈছে । অহা জুন মাহত মাহিলি পৰীক্ষাৰ আয়োজন কৰা হ'ব বুলি উল্লেখ কৰে হাইলাকান্দিৰ জিলা উপায়ুক্ত জাল্লি কিৰ্তীয়ে ।
লগতে পঢ়কঃ বিশাখাপট্টনমত গেছ লিক কাণ্ডঃ শিশুসহ 9 গৰাকীৰ মৃত্যু