হাইলাকান্দি, 16 মেঃ হাইলাকান্দি নৰসিংপুৰ বাগানত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ নিজ ভাতৃক দাৰে ঘপিয়াই হত্যা কৰে ককায়েকে ৷
হাইলাকান্দিত লক ডাউনৰ মাজতে সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড । এই হত্যাকাণ্ড সংঘটিত হৈছে হাইলাকান্দি জিলাৰ কালাছড়া নৰসিংপুৰ বাগানত । চলিত মাহ ১১ মে' সোমবাৰে নিশা দুই ভাইৰ মাজত আৰম্ভ হৈছিল তৰ্কযুদ্ধ ৷ পিছত এই পাৰিবাৰিক গৃহকন্দলৰ পৰিণতিত নিজ ভাতৃক হত্যা নিজ ভাতৃয়ে । নিহত লোক জনৰ নাম লক্ষ্মীনাৰায়ণ ৰবিদাস ৷চোকা দাৰে ঘপিয়ায় হত্যা কৰে হিমাচল ৰবিদাস নাম ভায়েক। যোৱা তিনি/ চাৰি দিনৰ পৰা লক্ষ্মীনাৰায়ণ ৰবিদাসক স্থানীয় ৰাইজে প্ৰত্যক্ষ নকৰাত সন্দেহ হয় স্থানীয় ৰাইজৰ মাজত । লগে লগে আৰক্ষীক উক্ত ঘটনাটোৰ খবৰ দিয়ে স্থানীয় ৰাইজে৷ ঘটনাস্থলীত কালাছড়া আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত আৰক্ষী দল এটা গৈ উপস্থিত হয় হত্যাকাৰী হিমাচল ৰবিদাসৰ ঘৰত ৷ অৱশেষত আৰক্ষীৰ অনুসন্ধানত নিজ ঘৰৰ পিছ ফালে মাটি তলত পুতি ৰখা অৱস্থাত ভাতৃ লক্ষ্মীনাৰায়ণ ৰবিদাসৰ মৃত দেহ উদ্ধাৰ কৰে । হত্যাকাৰী হিমাচল ৰবিদাস এতিয়া আৰক্ষীয়ে আটক কৰিছে ৷ এই ঘটনাটোৰ বাবে এতিয়া তীব্ৰ উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়ক- গহপুৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ চাৰিখনকৈ ট্ৰাক