ETV Bharat / state

কাটলিছেৰা এচ কে ৰয় কলেজত ছাত্ৰ-ছাত্ৰীসহ প্ৰতিবাদত বহিল এন এচ ইউ আই - এন এচ ইউ আই

কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক বেক পেপাৰৰ নামত অনিয়ম ভাৱে মাচুল সংগ্ৰহ কৰাক লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ছাত্ৰ-ছাত্ৰীক বিগত বৰ্ষত বিনামূলীয়াকৈ স্নাতক মহলাত নামভৰ্তি কৰিবলৈ দিয়া হৈছিল যদিও চলিত বৰ্ষত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক অসম চৰকাৰে বেক পেপাৰৰ নামত অজুহাত দেখুৱাই পৰিকল্পিতভাৱে তেওঁলোকক বঞ্চিত কৰা হৈছে বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে

কাটলিছেৰা এচ কে ৰয় কলেজত ছাত্ৰ-ছাত্ৰী সহ প্ৰতিবাদত বহিল এন এচ ইউ আই
author img

By

Published : Jul 9, 2019, 9:28 AM IST

হাইলাকান্দি, 9 জুলাই: হাইলাকান্দিৰ কাটলিছেৰা এচ কে ৰয় কলেজত ছাত্ৰ-ছাত্ৰী সহ প্ৰতিবাদত বহিল এন এচ ইউ আই ৷ সোমবাৰে পুৱা 11 বজাত কলেজৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এন এচ ইউ আই আৰু বিডিএচএফৰ সহযোগত গঢ়ি তোলা হয় এই বিশাল প্ৰতিবাদ কাৰ্যসূচী ৷ কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক বেক পেপাৰৰ নামত অনিয়ম ভাৱে মাচুল সংগ্ৰহ কৰাক লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ছাত্ৰ-ছাত্ৰীক বিগত বৰ্ষত বিনামূলীয়াকৈ স্নাতক মহলাত নামভৰ্তি কৰিবলৈ দিয়া হৈছিল যদিও চলিত বৰ্ষত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক অসম চৰকাৰে বেক পেপাৰৰ নামত অজুহাত দেখুৱাই পৰিকল্পিতভাৱে তেওঁলোকক বঞ্চিত কৰা হৈছে বুলি দাবী কৰে এন এচ ইউ আইৰ সাধাৰণ সম্পাদক মজমুল ইচলাম লস্কৰে ৷ চৰকাৰ এই হঠকাৰী সিদ্ধান্ত উঠাই লোৱাৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ ঘটনাস্থলীত কাটলিছেৰা ৰাজহ বিষয়া জেম্স আইণ্ড আৰু কাটলিছেৰা আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ বিষয়টোৰ সন্দৰ্ভত ৰাজহ বিষয়া গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷ আগন্তুক দুদিনৰ ভিতৰত দাবী পূৰণ নকৰিলে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰে এন এচ ইউ আইৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

Intro:SLUG:- আজি কাটলিছেৰা এস কে ৰয় কলেজৰ প্ৰবেশ দ্বাৰৰ সম্মুখত ছাত্র ছাত্রিক লৈ বিশাল আন্দোলন এনএসইউআইৰ।Body:O/C:- পোৱা ১১বজাৰ পৰা এনএসইউআই আৰু বিডিএসএফ'ৰ সহযোগে গৰি তুলে এই আন্দোলন। ছাত্ৰছাত্রী গৰাকীৰ দাবী আছিল যোৱা বছৰে বিনা মাসুলে স্নাতক ক্লাসৰ ছাত্রছাত্রিক ভর্তি কৰা হইছিল যদিও, কিন্তু এবছৰ অসম সৰকাৰ দরিদ্র ছাত্র ছাত্রিক বেক পেপাৰৰ নামত অজুহাত দেখুৱাই পৰিকল্পিত ভাবে তেওলোকক বঞ্চিত কৰা হইছে বুলি দাবি কৰে এনএসইউআইৰ সাধাৰণ সম্পাদক মজমুল ইসলাম লস্কৰে। সৰকাৰৰ এয়া হটকাৰি সিদ্ধান্ত ঘুৰাই লোৱাৰ ভাৱে আজি ছাত্রছাত্রীক লৈ এনএসইউআই কাটলিছেৰা এস কে ৰয় কলেজ উত্তাল কৰি তুলে। অবশেষত কাটলিছেৰা সার্কল অফিসাৰ জেম্স আইণ্ড মহোদয় ও কাটলিছড়া থানা আৰক্ষী বিরাট পুলিশ বাহিনী সহযোগে আন্দোলন স্তলত উপস্থিত হই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰু আন্দোলন প্রত্যাহাৰ কৰাৰ ভাৱে অনুৰোধ জনোৱা হয়। যাৰ ভাবে কলেজৰ অধক্ষ্য দিপকান্তি আইচ ছাত্র ছাত্রিৰ অনুৰোধে এবছৰ ভর্তিৰ মেয়াদ ১৫ জুলাই লৈকে বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰে। আৰু ছাত্রছাত্রী মাত্র দুদিনৰ সময় সিমা অনুসাৰে সার্কল অফিসাৰৰ কাখত এ'টি স্মারকপত্ৰ প্রেৰণ কৰি কয় অহা দুদিনৰ ভিতৰত আমাৰ দাবী পূরণ ন'হলে আমি ছাত্ৰ সংসদ আকৌ কলেজৰ চাৰিপাশে তিব্ৰ আন্দোলন উত্তাল কৰিম প্রয়োজনে আমি গুটা হাইলাকান্দি জিলা বন্ধৰ ডাক দিম বুলি জনাই দিয়ে। এনএসইউআইৰ সাধাৰণ সম্পাদক মজমুল ইসলাম লস্কৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.