ETV Bharat / state

হাইলাকান্দিত পথৰ দাঁতিত নৱজাতক উদ্ধাৰ

author img

By

Published : Jul 28, 2020, 2:00 PM IST

হাইলাকান্দিত পথৰ দাঁতিত উদ্ধাৰ হৈছে এক নৱজাতক ৷ বিগত দুদিন পূৰ্বে জন্ম হোৱা নৱজাতকটি হাবিৰ মাজৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰি আৰক্ষীৰ উপস্থিতিত গতাই দিয়ে চাইল্ড লাইনক ৷ বৰ্তমান চাইল্ড লাইন কৰ্তৃপক্ষৰ জিম্মাত থকা নৱজাতকটি কন্যা সন্তান বুলি জানিব পৰা গৈছে ৷

New born baby recovered at hailakandi assam etv bharat news
পথৰ দাঁতিত নৱজাতক উদ্ধাৰ

হাইলাকান্দি,28 জুলাই: হাইলাকান্দিত উদ্ধাৰ হৈছে মাত্ৰ দুদিন পূৰ্বে জন্ম লাভ কৰা এক নৱজাতক ৷ জীৱ শ্ৰেষ্ঠক লজ্জানত কৰি হাবিৰ মাজত কোনো অজ্ঞাত লোকে পেলাই থৈ যোৱা নৱজাতকটি উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ উক্ত ঘটনা সংঘটিত হৈছে হাইলাকান্দিৰ কাটলিছেড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোলতানি চাহ বাগিচাত । বাগিচাখনৰ মাজেৰে পাৰ হোৱা ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হাবিৰ মাজত কেঁচুৱাৰ কান্দোন শুনি স্থানীয় ৰাইজ উপস্থিত হৈ উদ্ধাৰ কৰে নৱজাতকটি ৷ নৱজাতকটিক উদ্ধাৰ কৰি চিকিৎসাৰ অৰ্থে প্ৰেৰণ কৰা হয় স্থানীয় প্ৰাথমিক চিকিৎসালয়লৈ ৷ পৰৱৰ্তী সময়ত ৰাইজে আৰক্ষীক বিষয়টো অৱগত কৰাত চিকিৎসালয়ত আৰক্ষী উপস্থিত হৈ ৰাইজৰ হাতৰ পৰা চমজি লয় নৱজাতকটিক ৷

পথৰ দাঁতিত নৱজাতক উদ্ধাৰ

ইফালে প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত সুস্থ থকা নৱজাত শিশুটিক আৰক্ষীয়ে গতাই দিয়ে চাইল্ড লাইনক ৷ বৰ্তমান চাইল্ড লাইনৰ জিম্মাত থকা নৱজাতকটি কন্যা সন্তান বুলি জানিব পৰা গৈছে ৷ অপবাদৰ পৰা হাত সাৰিবলৈ অথবা কন্যা সন্তান হোৱাৰ বাবে কোনো মাতৃয়ে এইদৰে হাবিৰ মাজত নৱজাতকটিক পেলাই থৈ যায় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে চাওকঃ ৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.