হাইলাকান্দি, 8 আগষ্ট: কৰ‘ণা মহামাৰীৰ সময়তে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখা গ'ল হাইলাকান্দিত । সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন ডাঙি ধৰিলে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে । শুকুৰবাৰে নিশা হাইলাকান্দি চহৰৰ 8 নং ৱাৰ্ডৰ মিনা ছেত্ৰী নামৰ এগৰাকী 50 বৰ্ষীয় দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ মৃত্যু হয় ৷ কিন্তু অঞ্চলটোত অকলশৰীয়া হিচাপে বসবাস কৰা অসহায় মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ অসামৰ্থ হৈ পৰিছিল পৰিয়ালটো ৷ অৱশেষত পৰিয়ালটোৰ সহায় কৰিব আগবাঢ়ি আহিল অঞ্চলটোৰ একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে ৷
যুৱক কেইজনে সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে মহিলা গৰাকীৰ শেষকৃত সম্পন্ন কৰি ডাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন ৷ যুৱক কেইজনৰ এই কৰ্মৰ এতিয়া শলাগ লৈছে বৰাকৰ সচেতন মহলে ৷
লগতে পঢ়ক : কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত