ETV Bharat / state

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দিঃ আৰক্ষীৰ লাঠিচাৰ্জ

author img

By

Published : Aug 29, 2020, 4:02 PM IST

শনিবাৰ পুৱা হাইলাকান্দি চহৰৰ বেচিক চাৰিআলিত সৃষ্টি হয় এক উত্তাল পৰিস্থিতিৰ । অগ্নিনিৰ্বাপন বাহিনীৰ জোৱান সকলে এজন যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

Murder allegation against Fire Bridge Force

হাইলাকান্দি, 29 আগষ্ট: শনিবাৰে উত্তাল হৈ পৰে হাইলাকান্দি । ফায়াৰ ছাৰ্ভিচৰ জোৱানৰ বিৰুদ্ধে উঠিছে এজন যুৱকক হত্য‍ কৰাৰ গুৰুতৰ অভিযোগ । নিহত যুৱকগৰাকী স্থানীয় চানপুৰ গাওঁৰ ৰহিম উদ্দিন লস্কৰ ।

যোৱা 25 তাৰিখে অগ্নিনিৰ্বাপন বাহিনীৰ এগৰাকী জোৱানৰ ম’বাইল ফোন এটা চুৰ হৈছিল । পিছতে জোৱান সকলে নিজাকে তদন্ত কৰি চুৰিৰ অভিযোগত স্থানীয় চানপুৰ গাওঁৰ যুৱক ৰহিম উদ্দিনক ঘৰৰ পৰা তুলি আনে । ইয়াৰ পিছতে গুৰুতৰ আহত অৱস্থাত যোৱা নিশা হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰায় । পিছত উন্নত চিকিৎসাৰ বাবে ৰহিম উদ্দিনক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰ‍া হয় ।

কিন্তু নিশা মেডিকেল কলেজতেই মৃত্যু হয় ৰহিম উদ্দিনৰ । ঘটনাৰ পিছৰ পৰাই বেচিক চাৰিআলি এলেকাৰ স্থানীয় ৰাইজ ক্ষোভত হৈ থকাৰ সময়তে যুৱক জনৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই পৰিস্থিতি উত্তাল হৈ উঠে ৷

হাইলাকান্দিত অগ্নিনিৰ্বাপন বাহিনীৰ বিৰুদ্ধে যুৱক হত্যাৰ অভিযোগ

স্থানীয় ৰাইজে অগ্নিনিৰ্বাপন বাহিনীৰ কাৰ্যালয় ঘেৰাও কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ মোতায়েন কৰা হয় বিশাল আৰক্ষী আৰু চিআৰপিএফ বাহিনী । ইপিনে বৰ্তমানে আৰক্ষী গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ মূখ্য অভিযুক্ত জ্যোতিষ্মান হাজৰিকা নামৰ অগ্নিনিৰ্বাপন বাহিনীৰ এগৰাকী জোৱানক । কিন্তু ইয়াৰ পিছতো পুনৰ সৃষ্টি হয় উত্তেজনাৰ । উত্তেজিত ৰাইজে আৰক্ষীৰ উপৰত শিলগুটি নিক্ষেপ কৰে ।

অৱশেষত পৰিস্থিতি মোকাবিলাত আৰক্ষীয়ে কৰিবলগা হয় লাঠিচাৰ্জ, ব্যবহাৰ কৰিব লগা হ’ল কন্দুৱা গেছ । শিলগুটি নিক্ষেপত আহত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা সহ কেইবাগৰাকী আৰক্ষী জোৱান । বৰ্তমানেও এলেকাখনত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে । আনফালে, এতিয়ালৈকে ৰহিম উদ্দিন ক’ত আছে এই সন্ধৰ্ভত কোন তথ্য সদৰি লাভ কৰা নাই আৰক্ষী বা জিলা প্ৰশাসনে ৷

লগতে চাওক-ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত কোন খেলুৱৈয়ে লাভ কৰিব কি সন্মান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.