ETV Bharat / state

হাইলাকান্দিত কেলেংকাৰীত অভিযুক্তক বদলিৰ বাবে ভিন্ন দল-সংগঠন ক্ষোভ - সংখ্যালঘু ছাত্ৰ বৃত্তি

সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদানৰ ক্ষেত্ৰত 20 কোটি টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হোৱা ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে তদন্ত চলি থকাৰ সময়তে, আন স্থানলৈ তেওঁক বদলি কৰাক লৈ হাইলাকান্দিত ক্ষোভ প্ৰকাশ কৰিছে ভিন্ন দল-সংগঠনে ৷

minority scam in hailakandi
minority scam in hailakandi
author img

By

Published : Jun 22, 2020, 4:02 PM IST

হাইলাকান্দি, 22 জুনঃ তদন্ত চলি থকা অৱস্থাতে আন স্থানলৈ বদলি কৰা হ'ল সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ মূল অভিযুক্ত শিক্ষা বিষয়া ৰাজীৱ কুমাৰ ঝাক ৷ যাক লৈ এতিয়া ক্ষুভ প্ৰকাশ কৰিছে ভিন্ন দল-সংগঠনৰ সদস্য সকলে ৷ অভিযোগ অনুসৰি, এই ছাত্ৰ বৃত্তিৰ নামত অভিযুক্ত লোকজনে সংঘটিত কৰিছে প্ৰায় ২০ কোটি টকাৰ কেলেংকাৰী ৷ তেওঁৰ বিৰুদ্ধে এচ গোচৰ ৰুজু কৰা হৈছিল হাইলাকান্দি আৰক্ষী চকীত ৷

দল-সংগঠনৰ সদস্য সকলে জানিবলৈ দিয়া অনুসৰি তেওঁৰ বিৰুদ্ধে চলি আছিল এই দুৰ্নীতিৰ তদন্ত ৷ কিন্তু তেনে সময়তে আন ঠাইলৈ বদলি কৰা হয় অভিযু্ক্ত বিষয়াগৰাকীক ৷ অভিযুক্তক উপযুক্ত শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সম্পাদক আনচাৰুল হুছেইন লস্কৰে ৷ তেওঁৰ উল্লেখ কৰা অনুসৰি, জিলাখনত এনে কিছুমান আৰ্থিভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী আছে যিয়ে তেওঁলোকৰ শিক্ষাৰ খৰচ বহন কৰাৰ ক্ষেত্ৰত এই জলপানিৰ আশাতে ৰৈ থাকে ৷

হাইলাকান্দিত সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত অভিযুক্তক বদলিৰ বাবে ভিন্ন দল-সংগঠন ক্ষোভ

কিন্তু ৰাজীৱ কুমাৰ ঝাৰ এনে কাৰ্যই সেই ছাত্ৰ-ছাত্ৰী সকলক হতাশ কৰিছে ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ সংগঠনটোৰ জিলা সম্পাদক গৰাকীয়ে উল্লেখ কৰা অনুসৰি, সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁলোকে জিলা উপায়ুক্তৰ লগতে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এখন স্মাৰক প্ৰদান কৰিছিল ৷ সংগঠনটোৱে তথ্য সহকাৰে জিলা প্ৰশাসনৰ হাতত অভিযোগ প্ৰদান কৰিছিল বুলিও উল্লেখ কৰে সম্পাদক গৰাকীয়ে ৷ কিন্তু অভিযুক্তক গ্ৰেপ্তাৰ কৰাতো দূৰৰে কথা, তদন্ত চলি থকাৰ সময়তে বিষয়া গৰাকীৰ বদলিক লৈ ক্ষোভিত হৈ পৰিছে সংগঠনৰ সদস্য সকল ৷ অভিযুক্তৰ গ্ৰেপ্তাৰৰ দাবী জনাই অহাৰ সময়তে দেওবাৰে বিভাগীয় কৰ্তৃপক্ষই তেওঁক অন্য ঠাইলৈ বদলি কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হাইলাকান্দি জিলাৰ সম্পাদক জাহিৰক উদ্দিন লস্কৰেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ বাঁহৰ ভগ্ন সাঁকোৰে যাতায়াতৰ নামত সৰুক্ষেত্ৰীৰ ৰাইজৰ দুৰ্ভোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.