ETV Bharat / state

Constituency Delimitation: ‘বিজেপিয়ে বৰাকভেলীৰ মানুহক ভাল নাপায় ’- বিধায়ক সুজাম উদ্দিন লস্কৰ - general election 2023

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে প্ৰতিক্ৰিয়া ৰাজনৈতিক দলসমূহৰ ৷ কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ প্ৰতিক্ৰিয়া ৷ ‘বিদ্যুৎ বিলৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিলে নেকি সমষ্টিৰ পুনৰ নিৰ্ধাৰনৰ খচৰা ! বিজেপি চৰকাৰে বৰাক ভেলীৰ মানুহক ভল নাপায় ৷ কাইলৈৰ পৰা ভয়ংকৰ ৰূপ ল’ব বৰাক উপত্যকাত ৷’

Constituency Delimitation
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে প্ৰতিক্ৰিয়া
author img

By

Published : Jun 21, 2023, 9:22 PM IST

বিধায়ক সুজাম উদ্দিন লস্কৰ

কৰিমগঞ্জ,21 জুন : মঙলবাৰে নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে বহু ৰাজনৈতিক নেতাৰ ভৱিষ্যত আন্ধকাৰ হৈ পৰিছে ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ৷

‘কোনে কৰিছিল সীমা নিৰ্ধাৰণ, কেনেকৈ কৰিলে, কিহৰ ভিত্তিত সমষ্টি নিৰ্ধাৰণ কৰিলে আমি একো নাজানো । মই বুজি নাপাঁও নিৰ্বাচন আয়োগৰ কাম কি ! বিদ্যুৎ বিলৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিলে নেকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা ! কাৰণ ক’ত হিন্দু মানুহ আছে ক’ত মুছলমান মানুহ আছে তাৰ প্ৰতি লক্ষ্য কৰি ভাগ ভাগ কৰা হৈছে ৷ এয়া সমষ্টি পুনৰ নিৰ্ধাৰণ নহয়, হিন্দু-মুছলমানৰ মাজত বিভাজন আনিছে ৷ যিমান হিন্দু গাঁও আছে সকলো হাইলাকান্দিত, সংখ্যালঘু গাওঁসমূহ আলগাপুৰত সোমাইছে ৷ এয়া একনায়কত্ববাদ ৷’

‘কোনটো এলেকা ক’ত গ’ল কোনেও স্পষ্টকৈ ক’ব নোৱাৰে । মানুহৰ মৌলিক অধিকাৰ কাঢ়ি লৈ ​​সীমা নিৰ্ধাৰণ কৰা হৈছে। বিজেপি দলৰ লাভৰ বাবে হিন্দু-মুছলমানৰ মাজত বিভাজন কৰা হৈছে । বৰাকত আসন দুখন হ্ৰাস কৰা হৈছে । আমি এই খচৰা মানি নলওঁ,প্ৰয়োজন হ'লে আদালতৰ কাষ চাপিম ৷’

‘‘এই চৰকাৰে বৰাক উপত্যকাৰ মানুহক ভাল নাপায় ৷ কোন সমষ্টিৰ, কোন বিধায়ক কেনেকৈ গম পাব ৰাইজে ! আলগাপুৰৰ ভোটাৰ হাইলাকান্দিলৈ গৈছে, হাইলাকান্দিৰ ভোটাৰ আলগাপুৰলৈ যাব লাগিব ৷ সকলোফালে খেলিমেলি ৷ কাইলৈৰ পৰা ভয়ংকৰ ৰূপ ল’ব বৰাক উপত্যকাত ৷ ’’

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে এই হুংকাৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ ৷

লগতে পঢ়ক:Opposition unity: উদ্ধৱ থাকৰেৰ সৈতে বৈঠক অসম জাতীয় পৰিষদ নেতৃবৰ্গৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.