হাইলাকান্দি, 1 জানুৱাৰীঃ সমূহ ৰাজ্যবাসীয়ে উলহমালহেৰে ইংৰাজী নৱবর্ষ পালন কৰি থকা সময়তেই হাইলাকান্দিৰ পাঁচগ্ৰাম কাগজকল কৰ্মীৰ পৰিয়ালৰ পুত্ৰ কন্যাই ৰাজপথত নামি মাগিলে ভিক্ষা । পঢ়াৰ খৰছ উলিয়াবলৈ এনে পন্থা অৱলম্বন কৰে কাগজকল কৰ্মচাৰীৰ পুত্ৰ-কন্যাই । নবৱর্ষ উপলক্ষে সকলোয়ে বনভোজ খাই আনন্দ উপভোগ কৰি থকা সময়তে এসময়ত সচ্ছল জীৱন কটোৱা এই ছাত্ৰ সকল ৰাস্তত ভিক্ষা মাগিবলৈ বাধ্য হয় ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি হাইলাকান্দিৰ পাঁচগ্ৰাম কাগজকল বন্ধ হৈ থকাৰ বাবে কৰ্মীসকলে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ বাবে তেওঁলোকৰ সন্তানক বৰ্তমান সময়ত যোগান ধৰিব পৰা নাই পঢ়াৰ খৰচ ৷ সেয়েহে পহিলা জানুৱাৰীতে ৰাজপথৰ পৰা আৰম্ভ কৰি দোকানলৈ গৈ ভিক্ষা মাগিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধৰীয়ে ২ হাজাৰ টকা সাহায্য প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীসকলক । লগতে বিধায়ক গৰাকীয়ে আশ্বাস দিয়ে যে, আগন্তুক অধিৱেশনত কাগজকল কৰ্মীসকলক দৰমহা মুকলি কৰি দিয়াৰ দাবী জনাব বিধায়কজনে ।
আৰু পঢ়কঃ পহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি