নিউজ ডেস্ক, হাইলাকান্দি, 25 মাৰ্চঃ বৰাকত চলিছে কয়লা, ৰসায়ন আৰু বাৰ্মিজছুপাৰিৰ ৰমৰমীয়া বেহা ৷ বৰাক উপত্যকাত চলি থকা অবৈধ ছিণ্ডিকেটত শেহতীয়াকৈ সাঙুৰ খাই পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনৱালৰ নাম ৷ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইন লস্কৰে উত্থাপন কৰিছে এই অভিযোগ । কয়লা, বাৰ্মিজ ছুপাৰি আৰু অবৈধ ৰসায়নৰ প্ৰতিখন ট্ৰাকৰ পৰা মুখ্যমন্ত্ৰীয়ে ধন লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে । প্ৰতিনিশা অবৈধ ভাৱে মেঘালয়ৰ পৰা বৰাক উপত্যকাহৈ হাজাৰ হাজাৰ ট্ৰাক চলাচল কৰে মিজোৰাম আৰু বাংলাদেশলৈ । শনিবাৰ নিশা শিলচৰৰ অৰুণাচল আৰক্ষী চকীত এই অবৈধ ছিণ্ডিকেটৰ হৈ গুণ্ডাৰাজ চলোৱা দেখা গ'লচাৰি বিজেপি বিধায়কক । কিন্তু এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতো নিমাত ৰাজ্য চৰকাৰ ।
এই ছিণ্ডিকেটৰ বিৰুদ্ধে এতিয়া সৰৱহৈছে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইন লস্কৰ। তেওঁৰ অভিযোগ, এই ছিণ্ডিকেট চলাই আছে শাসনাধীষ্ঠিতবিজেপি চৰকাৰখনে । বিজেপিৰ জিলা পৰ্যায়ৰ নেতা, বিধায়কসহ এই ছিণ্ডিকেটত স্বয়ং মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে । মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেটৰ পৰা বৃহৎ ধনলাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক লস্কৰে ।