হাইলাকান্দি,8 এপ্ৰিলঃ অৱশেষত হাইলাকান্দিৰ এজন ব্যক্তিৰ দেহত ধৰা পৰে মাৰাত্মক কৰ’ণা ভাইৰাছৰ উপস্থিতি । ব্যক্তিজনে কিছুদিন পূৰ্বে ছৌদি আৰৱ ভ্ৰমণ কৰি অসমলৈ উভতি আহিছিল । বুধবাৰ নিশা টুইটাৰ যোগে এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ব্যক্তি গৰাকী দিল্লীৰ নিজাম উদ্দিন মাৰ্কাজৰ লগত জড়িত বুলি জানিব পৰা গৈছে ।
হাইলাকান্দি জিলাৰ ৬৫ বছৰীয়া কৰ’ণাত আক্ৰান্ত ব্যক্তি গৰাকীৰ ঘৰ আলগাপুৰ সমষ্টিৰ বৰজুৰাই গাঁৱত । বিগত ১৮ মাৰ্চত চৌদি আৰৱৰ পৰা উমৰাহ হজ পালন কৰি ঘৰলৈ উভটিছিল ব্যক্তিগৰাকী । ছৌদি আৰৱৰ জেদ্দাৰ পৰা বিমানযোগে প্ৰথমে মুম্বাই, দিল্লী আৰু গুৱাহাটী ঘূৰি হাইলাকান্দিলৈ আহিছিল ব্যক্তি গৰাকী । বিগত ১৮ মাৰ্চৰ পৰা হোম কোৱাৰেণ্টাইনত ৰখা ব্যক্তিগৰাকী দিল্লীত থাকোতে ভাইৰাছবিধত আক্ৰান্ত হোৱা বুলি ধাৰণা কৰা হৈছে । ভ্ৰমণৰ সময়ছোৱাত ব্যক্তিগৰাকীৰ পত্নী লগতে আছিল । বুধবাৰে নিশাৰ ভাগত ব্যক্তি গৰাকীক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । প্ৰশাসনে ব্যক্তিগৰাকীৰ গাঁৱখন সুৰক্ষাৰ স্বাৰ্থত ছীল কৰে ৷
লগতে চাওকঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিলে শাক-পাচলিৰ মূল্য