ETV Bharat / state

জনপ্ৰতিনিধিক ভোট নিদিয়াৰ বাবেই জীয়াতু ভুগিছে এখন গাঁৱৰ ৰাইজে - জনপ্ৰতিনিধিক ভোট নিদিয়াৰ বাবেই জীয়াতু ভুগিছে এখন গাঁৱৰ ৰাইজে

হাইলাকান্দি জিলাৰ অন্তৰ্গত মাটিজুৰি সামাৰিকোনা গাঁৱত যাতায়াতৰ বাবে থকা একমাত্ৰ দলঙখন জিলা পৰিষদ সদস্যাৰ নিৰ্দেশত ভাঙি পেলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ সদস্যা সাৰিনা য়াচমিনক ভোট নিদিয়াৰ বাবে তেখেতে পথটো নিৰ্মান বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অমান্তি হয় ৷

Hailakandi bad road condition
জনপ্ৰতিনিধিক ভোট নিদিয়াৰ বাবেই জীয়াতু ভুগিছে এখন গাঁৱৰ ৰাইজে
author img

By

Published : Aug 7, 2020, 2:55 PM IST

হাইলাকান্দি, 7 আগষ্টঃ জনপ্ৰতিনিধিক ভোট নিদিয়াৰ বাবেই যাতায়াতৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে হাইলাকান্দিৰ এখন গাঁৱৰ ৰাইজে ৷ পথৰ অভাৱত পথাৰেৰে অহা-যোৱা কৰিবলগীয়া হৈছে গঞা ৷ হাইলাকান্দি জিলাৰ অন্তৰ্গত মাটিজুৰি সামাৰিকোনা গাঁৱত যাতায়তৰ বাবে থকা একমাত্ৰ দলঙখন জিলা পৰিষদ সদস্যাৰ নিৰ্দেশত ভাঙি পেলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

জনপ্ৰতিনিধিক ভোট নিদিয়াৰ বাবেই জীয়াতু ভুগিছে ৰাইজে

উল্লেখ্য যে, গাঁওখনৰ ৰাইজে যাতায়াতৰ বাবে নিজে সাজি উলিয়াইছিল অস্থায়ী এখন বাঁহৰ দলঙ ৷ কিন্তু ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ সদস্যা সাৰিনা য়াচমিনক ভোট নিদিয়াৰ বাবে তেখেতে পথটো নিৰ্মান কৰিবলৈ অমান্তি হয় ৷ লগতে তেখেতৰ প্ৰতিনিধি ইকবাল হুছেইন মজুমদাৰে ৰাইজে নিজে সাঁজি উলিওৱা দলঙখনো ভাঙি পোলোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷ ইমানৰ পিছতো তেখেতৰ বিৰুদ্ধে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

লগতে পঢ়ক-নতুন ৰাজনৈতিক সমীকৰণৰ অংকত ব্যস্ত নেকি প্ৰফুল্ল মহন্ত!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.