হাইলাকান্দি, 28 মে’: পুৱাই জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে হাইলাকাণ্ড চহৰ । মঙলবাৰে ৰাতিপুৱা হাইলাকান্দি জিলাৰ আমালা বজাৰত সংঘটিত হয় এক অগ্নিকাণ্ড। বৈদ্যুতিক ছৰ্ট ছাৰ্কিটৰ ফলত সংঘটিত অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় পাচঁখনকৈ দোকান । জুইৰ লেলিহান শিখাই ভস্মীভূত কৰা পাচঁখন দোকানৰ ভিতৰত আছে এখন মিঠাইৰ দোকান, এখন ফাৰ্মাচী আৰু গেলামালৰ দোকান। পুৱা অনুমানিক ১০ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ লগে-লগে স্থানীয় ৰাইজে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক।
লগতে পঢ়ক: জুৰোড বিস্ফোৰণঃ ছাত্ৰনেতা-লেখক সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ
কিন্তু ৰাইজে খবৰ দিয়াৰ পাছতো অগ্নিনিৰ্বাপক বাহিনী পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই ঘটনাত ২০ লাখৰো অধিক সা-সম্পত্তিৰ জাহ যোৱাৰ অনুমান কৰিছে স্থানীয় ৰাইজে ৷