আলগাপুৰ, 4 মে’: বিজেপিৰ চৰকাৰ আহিছে গতিকে, এতিয়াৰে পৰা নাথাকিব কৰ’ণা ৷ হিমন্ত বিশ্ব শৰ্মাই কৰ’ণা নাই বুলি কোৱাৰ পিছত শেষ হৈ গৈছে কৰ’ণা ৷
এই মন্তব্য আনকাৰো নহয়, এগৰাকী বিধায়কৰ ৷ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এইদৰে মন্তব্য কৰে ,আলগাপুৰ সমষ্টিৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীয়ে ।
অৱশ্যে, বিজেপিকলৈ ব্যংগ কৰিলেও, ৰাইজক কৰ’ণাৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷
বিধায়ক গৰাকীয়ে লগতে কয় যে, জয়লাভ কৰাৰ পিছত সমৰ্থকে নেতাক কাষত বিচাৰে কিন্তু, বিজয় মিছিল বাতিল হোৱাৰ লগতে শেহতীয়া পৰিস্থিতিৰ বাবে তেওঁ নিজেই গাঁৱে-গাঁৱে থকা তেওঁৰ সমৰ্থক সকলৰ ওচৰলৈ গৈ কৃতজ্ঞতা প্ৰকাশ কৰি আছে ৷
নিৰ্বাচনৰ সময়চোৱাত ' খেলা হ’বে ' ৰ শ্ল’গান দি নিৰ্বাচনত অৱতীৰ্ণ হোৱা চৌধুৰীয়ে কয় যে, খেল ইতিমধ্যে শেষ হৈছে, ৰাইজৰ হৈ কাম কৰাৰহে সময় এইয়া ৷
লগতে পঢ়ক : অজেয় নহয় নৰেন্দ্ৰ মোডী-অমিত শ্বাহ: শিৱসেনা