ETV Bharat / state

হাইলাকান্দিত কোৱাৰেন্টাইন চেণ্টাৰত ব্যাপক দুৰ্নীতি! - হাইলাকান্দিত কোৱাৰেন্টাইন চেণ্টাৰত খাদ্যবস্তু যোগানৰ নামত ব্যাপক দুৰ্নীতি!

কোৱাৰেন্টাইন চেণ্টাৰত খাদ্যবস্তু যোগানৰ নামত একাংশ চৰকাৰী কৰ্মচাৰীয়ে চলাইছে লুণ্ঠন। ৫০০টকাৰ বিপৰীতে হাইলাকান্দিত প্ৰশাসনে খৰচ কৰিছে মাত্ৰ ২৯০ টকাহে। একাংশ চৰকাৰী কৰ্মচাৰীয়ে খাদ্যবস্তু যোগানৰ নামত কৰিছে ব্যৱসায়। এই অভিযোগ কাটলিছেড়াৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ।

হাইলাকান্দিত কোৱাৰেন্টাইন চেণ্টাৰত ব্যাপক দুৰ্নীতি!

author img

By

Published : Jun 2, 2020, 8:48 PM IST

হাইলাকান্দি, 2 জুনঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণাৰ নামত এতিয়া হাইলাকান্দিত চলিছে ব্যাপক দুৰ্নীতি । এই অভিযোগ কাটলিছেড়াৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ। হাইলাকান্দিত স্থাপন কৰা কোৱাৰেন্টাইন চেণ্টাৰত খাদ্যবস্তু যোগানৰ নামত একাংশ চৰকাৰী কৰ্মচাৰীয়ে চলাইছে লুণ্ঠন। অসম চৰকাৰে কোৱাৰেন্টাইনত থকা প্ৰতিগৰাকী ব্যক্তিৰ বাবে ধাৰ্য কৰা দৈনিক ৫০০টকাৰ বিপৰীতে হাইলাকান্দিত প্ৰশাসনে খৰচ কৰিছে মাত্ৰ ২৯০ টকাহে । কাছাৰ,কৰিমগঞ্জকে ধৰি ৰাজ্যৰ অন্যান্য জিলাসমূহত ৫০০টকাৰ হিচাপত খৰচ কৰিলেও হাইলাকান্দিত কোৱাৰেন্টাইনত থকাসকলৰ বাবে এই ধন খৰচত ব্যাপক দুৰ্নীতি হৈছে।

হাইলাকান্দিত কোৱাৰেন্টাইন চেণ্টাৰত খাদ্যবস্তু যোগানৰ নামত ব্যাপক দুৰ্নীতি!

একাংশ চৰকাৰী কৰ্মচাৰীয়ে খাদ্যবস্তু যোগানৰ নামত কৰিছে ব্যৱসায়। এই অভিযোগ তুলি বিধায়ক গৰাকীয়ে এইদৰে উল্লেখ কৰে যে, লালাত স্থাপিত ৩টাকৈ কোৱাৰেন্টাইন চেণ্টাৰত খাদ্য সামগ্ৰী যোগানৰ ঠিকা লাভ কৰা নিৰ্মল চক্ৰৱৰ্তীয়ে লাভ কৰিছে যদিও তেওঁ কেৱল এটা চেণ্টাৰতহে যোগান ধৰিছে খাদ্য সামগ্ৰী। বাকী দুটা কোৱাৰেন্টাইন চেণ্টাৰত ঠিকাৰ অনুমতি নোপোৱাকৈয়ে লালাৰ চক্ৰ বিষয়া অৰ্পিতা দত্ত মজুমদাৰৰ ঘনিষ্ঠ এগৰাকী চৰকাৰী শিক্ষকেহে খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ অভিযোগ ৷

কোৱাৰেন্টাইন চেণ্টাৰত খাদ্য সামগ্ৰী যোগানৰ নামত হোৱা এনে অনিয়মৰ লগতে ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ দাবী তুলিছে কাটলিছেড়াৰ বিধায়ক গৰাকীয়ে।

লগতে চাওকঃ সময়ৰ চাকনৈয়া: একালৰ শিল্পী, শিক্ষক আজি পদপথৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.