ETV Bharat / state

গৌতম ৰয়ৰ নিলম্বনঃ 'কংগ্ৰেছ ভৱন' ক 'গৌতম ভৱন' কৰি দিয়াৰ হুংকাৰ

author img

By

Published : Jun 21, 2019, 4:44 PM IST

প্ৰাক্তনমন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছৰ পৰা নিলম্বনৰ বিৰোধিতাৰে হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদ । দাহ কৰিলে ৰিপুন বৰা,তৰুণ গগৈ আৰু হৰিশ ৰাৱাটৰ পুত্তলিকা ।

হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদৰ জোৱাৰ

হাইলাকান্দি,২১ জুনঃ হাইলাকান্দিত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ । প্ৰাক্তনমন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ পাছতেই প্ৰতিবাদমুখৰ হৈ পৰে হাইলাকান্দিৰ কংগ্ৰেছ কৰ্মীসকল । হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত তল‍া ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হৰিশ ৰাৱাটৰো পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ।

হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদৰ জোৱাৰ

উল্লেখ্য যে,দল বিৰোধী কামৰ অভিযোগত কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক । কিন্তু গৌতম ৰয়ৰ এই নিলম্বনক মানি ল'ব পৰা নাই হাইলাকান্দিৰ কংগ্ৰেছ কৰ্মী সকলে । নিলম্বন প্ৰত্যাহাৰৰ বাবে প্ৰদেশ কংগ্ৰেছক এসপ্তাহৰ সময়সীমা বান্ধি দিছিল গৌতম ৰয়ৰ সমৰ্থক সকলে । ইয়াৰ পাছতো,প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্ত সলনি নকৰাৰা বাবে শুকুৰবাৰে হাইলাকান্দিৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত তলা ওলমাই দিয়ে গৌতম ৰয়ৰ সমৰ্থক সকলে । ইয়াৰোপৰি, অনাগত দিনত কৰ্মীসকলে কংগ্ৰেছৰ পৰা ইস্তফা দি 'কংগ্ৰেছ ভৱন' ক 'গৌতম ভৱন' কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে হাইলাকান্দিৰ কংগ্ৰেছকৰ্মী সকলে ।

Intro:SLUG ::-হাইলাকান্দি কংগ্ৰেছ ভবনৰ সম্মুখত দলীয় হাইকমান্ডৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতিবাদ ।

Body:O/C::- হাইলাকান্দিত অব্যাহত কংগ্ৰেছৰ বিসম্বাদ। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছৰ পৰা নিলম্বনৰ প্ৰতিবাদত হাইলাকান্দিত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত তল‍া ওলমাই প্ৰতিবাদ শতাধীক কংগ্ৰেছ কৰ্মীৰ। লগতে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ আৰু হৰিশ ৰাওতৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে।

Conclusion:V/O :: দল বিৰোধী কামৰ অভিযোগত কংগ্ৰেছৰ পৰা নিলম্বিত কৰা হৈছে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক। কিন্তু গৌতম ৰয়ৰ এই নিলম্বন মানিব পৰা নাই হাইলাকান্দিৰ কংগ্ৰেছ কৰ্মী সকলে। নিলম্বনৰ পিছত প্ৰদেশ কংগ্ৰেছক ১ সপ্তাহৰ সময় সিমা বান্ধি দিছিল গৌতম ৰয়ৰ সমৰ্থকে। কিন্তু ইয়াৰ পিছতো প্ৰদেশ কংগ্ৰেছে সিদ্ধান্ত সলনি নকৰাৰ বাবে আজি হাইলাকান্দি জিলা কংগ্ৰেছৰ মূখ্য কাৰ্যালয় অৰ্থাৎ "কংগ্ৰেছ ভবন"ত তলা ওলমাই দিয়ে গৌতম সমৰ্থকে। শুকুৰবাৰে হাইলাকান্দিত এক প্ৰতিবাদি সমদল উলিয়াই গৌতম ৰয়ৰ সমৰ্থকে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেতা হৰিশ ৰাওত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে অহা দিনত গন হাৰত ইস্তফা দি কংগ্ৰেছ ভবনক "গৌতম ভবন" কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে হাইলাকান্দিৰ কংগ্ৰেছ কৰ্মী সকলে।

byte :: Gautam Roy supporter

#####
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.