হাইলাকান্দি,২৮ এপ্ৰিল: খোৱাপানীৰ সু-ব্যৱস্থাৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত সমগ্ৰ ৰাজ্যতে ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে জল জীৱন আঁচনি ৷ “ঘৰ ঘৰ নল, ঘৰ ঘৰ জল” এই শ্ল’গানেৰে প্ৰতিখন ঘৰতেই জল জীৱন আঁচনিৰ খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ সংকল্প লৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে (Jal Jeevan mission scheme) ৷
ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাখনৰ কেইবাটাও স্থানত উক্ত জল জীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিও ৰাইজৰ কাৰণে মুকলি কৰিছে ৷ কিছু কিছু প্ৰান্তত ৰাইজে লাভ কৰিছে বিশুদ্ধ খোৱাপানী ৷ কিন্তু তাৰ মাজতে একাংশ ঠিকাদাৰে অধিক লাভৰ আশাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ ফলত ৰাইজ বঞ্চিত হৈছে বিশুদ্ধ খোৱা পানীৰ পৰা ৷ লগতে এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উঠিছে (Scam in Jal jeevan mission) ৷
এইবাৰ BJP চৰকাৰৰ প্ৰকল্পত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছী নেতাৰ বিৰুদ্ধে । হাইলাকান্দি জিলাত জল জীৱন মিছন প্ৰকল্প ৰূপায়ণৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰালস্কৰৰ বিৰুদ্ধে জল জীৱন প্ৰকল্প ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে (Jal Jeevan mission scheme in Hailakandi) ।
জল জীৱন মিছন হৈছে এক গ্ৰাম্য প্ৰকল্প । এই প্ৰকল্পটো কেৱল গ্ৰামাঞ্চলতহে ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰা হৈছিল । কিন্তু হাইলাকান্দি নগৰ শিক্ষা ব্লকৰ সাতখন বিদ্যালয়ত ২০২২ চনত হাতত লোৱা জল জীৱন মিছন প্ৰকল্পই সকলো নিৰ্দেশনা মানি ৰূপায়ণ কৰা হৈছে জল জীৱন আঁচনি । বৰ্তমানৰ জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰালস্কৰে প্ৰতিখন বিদ্যালয়তে জল জীৱন মিছন প্ৰকল্প ৰূপায়ণৰ ঠিকা লাভ কৰিছিল (Congress leader corruption in BJP govt projects) ।
জল জীৱন মিছনৰ এই প্ৰকল্পটো হাইলাকান্দি চহৰৰ ভিক্টোৰিয়া মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজহুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, গ্ৰেহাম মধ্য বঙালী বিদ্যালয়, দয়াময়ী পাঠশালা, ইন্দ্ৰকুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিশুদন ইংৰাজী মাধ্যমিক বিদ্যালয় আৰু হাইলাকান্দি চহৰৰ ৰঙাউটি বালিকা হাইস্কুলত গ্ৰহণ কৰা হৈছিল ।
ইয়াৰ বাবে চৰকাৰে ১৪ লাখ ৯৩ হাজাৰ টকা আবণ্টন দিয়ে যদিও এই বিদ্যালয়সমূহত জল জীৱন মিছন প্ৰকল্প ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে । হাইলাকান্দি চহৰৰ ৯ নং ৱাৰ্ডৰ শিশু সদন ইংৰাজী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল হুছেইন লস্কৰে কয় যে বিদ্যালয়খনত জল জীৱন প্ৰকল্পৰ ৰূপায়ণ অতি দুৰ্বল ।
ঠিকাদাৰ ছামছুদ্দিন বৰালস্কৰে পানীৰ বাবে বিশেষ কোনো ব্যৱস্থা কৰা নাছিল । বিশুদ্ধ পানীৰ তৰপ পাবলৈ বিদ্যালয়ত কোনো বৰিঙো কৰা হোৱা নাছিল বা কোনো লোহাৰ ফ্ৰেম বনোৱা হোৱা নাছিল । এই বিদ্যালয়খনত জল জীৱন মিছন নামত মাত্ৰ এটা ফিল্টাৰ সংলগ্ন হৈ আছে । এই কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণে লাভৱান হোৱা নাই বুলি উল্লেখ কৰে বিদ্যালয় কৰ্তৃপক্ষৰ ।
লগতে পঢ়ক: Amritpal Singh updates: কাৰাগাৰৰ পৰাই অধিবক্তালৈ অমৃতপালৰ চিঠি