ETV Bharat / state

অসম চুক্তিৰ 6 নং দফাৰ অধীনত বৰাক উপত্যকাও সামৰি লোৱা হ'বঃ ৰঞ্জিত দাস - Hailakandi news

হাইলাকান্দিত এখন দলীয় সভাত ভাগ লৈ অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ৷ 6 নং দফাৰ অধীনত বৰাকৰ ৰাইজৰ বাবেও খিলঞ্জীয়া সংৰক্ষণ নীতি প্ৰযোজ্য হ'ব বুলি মন্তব্য প্ৰকাশ সভাপতিগৰাকীৰ ৷

অসম চুক্তিৰ 6 নং দফাৰ অধীনত বৰাক উপত্যকাকও সামৰি লোৱা হ'বঃ ৰঞ্জিত দাস
author img

By

Published : Sep 29, 2019, 9:05 PM IST

হাইলাকান্দি, 29 ছেপ্টেম্বৰঃ দেওবাৰে হাইলাকান্দিত জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছতে এই সন্দৰ্ভত জনজাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে বিজেপি জিলা সমিতিয়ে আহ্বান কৰা এক দলীয় সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত নেতাগৰাকীয়ে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ ক্ষেত্ৰত বৰাক-ব্ৰহ্মপুত্ৰৰ সমূহ ৰাইজক সামৰি খিলঞ্জীয়া সংৰক্ষণ নীতি তৈয়াৰ কৰা হ'ব বুলি মন্তব্য কৰে ৷ বৰাকৰ ৰাইজও অসমৰ খিলঞ্জীয়া লোক বুলি উল্লেখ কৰি 6নং দফাৰ ক্ষেত্ৰত বৰাকবাসী ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি তাৎপৰ্যপূৰ্ণ মত ব্যক্ত কৰে ৷ উল্লেখ্য যে হাইলাকান্দি জিলা বিজেপিৰ উক্ত জন জাগৰণ সভাত ৰঞ্জিত দাসৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতা অজয় জামৱাল, সাংসদ দিলীপ শইকীয়া, কৃপানাথ মাল্লাকে ধৰি কেইবাগৰাকী বিজেপি নেতাই অংশগ্ৰহণ কৰে ।

Intro:SLUG :: অসম চুক্তি অনুযায়ী বৰাকৰ খিলঞ্জীয়াৰ বাবেও থাকিব সংৰক্ষণ :: ৰঞ্জিত দাস।

Body:O/C :: অসম চুক্তিৰ ৬ নম্বৰ ধাৰা ৰূপায়নক লৈ বৰাক উপত্যকাত এটা অপপ্ৰচাৰ চলিছে। বৰাকৰ লোকক বিভ্ৰান্ত কৰাৰ অপপ্ৰয়াস চলিছে। কিন্তু বৰাকৰ লোক সংকিত হোৱাৰ কোন কাৰন নাই। । আজি হাইলাকান্দিত এক দলীয় সভাত অংশলৈ এই মন্তব্য অাগবৰায় প্ৰদেশ বিজেপি সভাপতি ৰঞ্জিত দাসে। ৬ নম্বৰ ধাৰা অনুযায়ী খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা উল্লেখ কৰা হৈছে। বৰাকৰ ৰাইজও অসমৰ খিলঞ্জীয়া লোক। বৰাকৰ ৰাইজৰ বাবেও প্ৰযোজ্য হব খিলঞ্জীয়া সংৰক্ষণ নীতি বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবৰায় ৰঞ্জিত দাসে। লগতে চাৰি সমষ্টিৰ উপ-নিৰ্বাচনত পুনৰ কংগ্ৰেছ এ অাই ইউ ডি এফৰ মিত্ৰতা সম্মুখত আহিছে বুলিও মন্তব্য কৰি ৰঞ্জিত দাসে। উল্লেখ, জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিলৰ পিছতে এই সন্ধৰ্ভত জন জাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে আজি হাইলাকান্দিত আয়োজন কৰা হৈছিল এই সভাৰ। সভাখনত ৰঞ্জিত দাসৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতা অজয় জামৱাল, সাংসদ দিলীপ শইকীয়া, কৃপানাথ মল্লাহকে ধৰি কেইবা গৰাকী বিজেপি নেতায় অংশগ্ৰহন কৰে।

byte :: Ranjit Das, BJP President

######Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.