কাটলিচড়া,২২ জুন: হাইলাকান্দিৰ জিলাৰ কাটলিচড়া উন্নয়ন খণ্ডৰ একাংশ বিষয়াৰ কৰ্তব্যৰ প্ৰতি গাফিলতিৰ অভিযোগ উত্থাপন হৈছে ৷ শুকুৰবাৰে দিনৰ ১২ বজালৈকে কাৰ্যালয়লৈ উন্নয়ন খণ্ডৰ বিষয়া আহি নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । যাৰ ফলত"বজাৰ লিজ"ৰ কাগজত চিল-চহী লোৱাত ব্যৰ্থ হ'ল একাংশ ৰাইজ।
ইপিনে চলিত বৰ্ষৰ "বজাৰ লিজ"ৰ কাগজ জমা ল'বলৈ আৰু চিল-চহী মৰাৰ বাবে কাৰ্যালয়টোত কোনো বিষয়া উপস্থিত নথকাৰ অভিযোগ তোলে একাংশ ৰাইজে । ইয়াৰোপৰিও ৰাইজে বিগত ৩ বছৰ ধৰি সংশ্লিষ্ট বিষয়া গৰাকীয়ে কাটলিচড়া উন্নয়ন খণ্ডৰ হিচাপ নিদিয়াৰ অভিযোগ উত্থাপন কৰে । ইপিনে একাংশ ৰাইজে লিজ"ৰ কাগজত চিল-চহী লোৱাত ব্যৰ্থ হোৱাত ক্ষুব্ধ হৈ স্থানীয় বিজেপি কৰ্মীসকলে সোমবাৰলৈকে লিজ জমা লোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ আহ্বান জনায় । তেওঁৰ অভিযোগ অনুসৰি উন্নয়ন খণ্ডৰ বিষয়াই প্ৰতিদিনে দেখুওৱা বিভিন্ন অজুহাতৰ বাবে সাধাৰণ ৰাইজে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা ল'ব পৰা নাই । সেয়ে সাধাৰণ ৰাইজে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ৷