ETV Bharat / state

প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা এটা অংগনবাদী কেন্দ্ৰ

পৰিৱেশ অনিষ্ট নকৰাকৈ প্লাষ্টিকক পুনঃ ব্যৱহাৰৰ বাবে কেনেকৈ উপযোগী কৰি তুলিব পাৰি তাৰ এক নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হ'ল হাইলাকান্দিত ৷ জিলাখনৰ আয়নাখালৰ সিংগালা গাঁৱত নিৰ্মাণ কৰি থকা হৈছে এটা অংগনবাদী কেন্দ্ৰ ৷ কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যত ইটাৰ সলনি ব্যৱহাৰ কৰা হৈছে পৰিত্যক্ত প্লাষ্টিকৰ বটল ৷

author img

By

Published : Oct 3, 2020, 8:01 PM IST

Updated : Oct 3, 2020, 10:29 PM IST

Anganwadi Center Built by Plastic Bottle at hailakandi
হাইলাকান্দিত প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ অংগনবাদী কেন্দ্ৰ

হাইলাকান্দি,3অক্টোবৰঃ বিশ্বজুৰি অব্যাহত আছে প্লাষ্টিক বৰ্জন প্ৰতিবাদ ৷ প্লাষ্টিকৰ ভয়াবহতাক লৈ জনসাধাৰণৰ মাজত বিভিন্ন সময়ত সজাগতা সভা অনুষ্ঠিত কৰি সজাগ কৰি অহা হৈছে ৷

তেনে সময়তে, পৰিৱেশ অনিষ্ট নকৰাকৈ প্লাষ্টিকক পুনঃ ব্যৱহাৰৰ বাবে কেনেকৈ উপযোগী কৰি তুলিব পাৰি তাৰ এক নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হ'ল হাইলাকান্দিত ৷ জিলাখনৰ আয়নাখালৰ সিংগালা গাঁৱত নিৰ্মাণ কৰি থকা হৈছে এটা অংগনবাদী কেন্দ্ৰ ৷ কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যত ইটাৰ সলনি ব্যৱহাৰ কৰা হৈছে পৰিত্যক্ত প্লাষ্টিকৰ বটল ৷

উল্লেখযোগ্য যে, বৰাক উপত্যকাত পোনপ্ৰথমবাৰৰ বাবে এনে এক অভিনৱ পদ্ধতিৰে সাজু কৰি তোলা হৈছে অংগনবাদী কেন্দ্ৰটো ৷ পৰীক্ষামূলক ভাৱে গৃহ নিৰ্মাণ কাৰ্যত পেলনীয়া প্লাষ্টিক বটলৰ ব্যৱহাৰ কৰা হৈছে যদিও ইয়াকে লৈ আশাবাদী জিলা প্ৰশাসন ৷ আনহাতে, জৈৱ বৈচিত্ৰ তথা পৰিৱেশ বিনষ্ট কৰাৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্লাষ্টিকৰ এনে পুনঃব্যৱহাৰে আগন্তুক দিনত যে আশাৰ বতৰা কঢ়িয়াই আনিব সেইয়া নুই কৰিব নোৱাৰি ৷

লগতে পঢ়কঃপাচলি বজাৰত জুই : মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ

Last Updated : Oct 3, 2020, 10:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.