ETV Bharat / state

আলগাপুৰত নিজাম উদ্দিন চৌধুৰীৰ বিশাল বাইক ৰেলী - নিজাম উদ্দিন চৌধুৰীৰ বিশাল বাইক ৰেলী

এআইডিএফৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে আলগাপুৰত নিজাম উদ্দিন চৌধুৰীৰ বিশাল বাইক ৰেলী ৷ আলগাপুৰ সমষ্টিৰ পৰা পুনৰ জয়ী হ'ব বুলি দাবী কৰিছে চৌধুৰীয়ে ৷ হিমন্ত বিশ্ব শৰ্মাক যিহেতু মিঞা মুছলমানৰ ভোট নালাগে সেয়েহে আলগাপুৰৰ ৰাইজে তেঁওকে ভোট দিব বুলি মন্তব্য চৌধুৰীৰ ৷

আলগাপুৰত নিজাম উদ্দিন চৌধুৰীৰ বিশাল বাইক ৰেলী

author img

By

Published : Mar 8, 2021, 9:14 PM IST

হাইলাকান্দি, 8 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সোমবাৰে আলগাপুৰ সমষ্টিৰ এআইডিএফ প্ৰাৰ্থী নিজাম উদ্দিন চৌধুৰীয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ অহাৰ দলৰ সমৰ্থক সকল উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গ'ল ৷

এআইডিইউএফ দলৰ সমৰ্থক সকলে আলগাপুৰ সমষ্টিৰ কাটাখাল বাইপাছৰ পৰা সুসজ্জিত জীপ গাড়ীৰে এআইডিএফৰ প্ৰাৰ্থী নিজাম উদ্দিন চৌধুৰীক আদৰমি জনাই ৷ ধলেশ্বৰ পইন্ট হৈ আলগাপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ মাজেৰে বাইক ৰেলী কৰি বিধায়কজনে ৰাইজৰ পৰা আৰ্শীবাদ বিছাৰে ৷

সংবাদ মাধ্যমৰ আগত এআইডিএফ প্ৰাৰ্থী গৰাকীয়ে এইবাৰ তেঁও পুনৰ আলগাপুৰ সমষ্টিৰ পৰা জয়ী হ'ব বুলি দাবী কৰে ৷ সমষ্টিটোৰ পৰা জয়ী হ'ব বুলি দাবী কৰাৰ লগতে অগপ প্ৰাৰ্থী আফতাব উদ্দিন লস্কৰ কোন ফেক্টৰ নহয় বুলি মন্তব্য কৰে ৷ তেঁও কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈছে যে তেঁওক মিঞা মুছলমানৰ ভোট নালাগে গতিকে এইবাৰ সংখ্যালঘু ভোটাৰে অগপ দলক ভোট প্ৰদান নকৰে আৰু পুনৰ আলগাপুৰৰ ৰাইজে এআইডিএফৰ পক্ষত ভোটদান কৰিব ৷

লগতে পঢ়ক: দক্ষিণ শালমাৰাত এআইইউডিএফৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.