হাইলাকান্দি, 31 মে': হাইলাকান্দি জিলাত শনিবাৰে নতুনকৈ 20 গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল ৷ ইয়াৰ ভিতৰত আছে 17 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা । ইয়াৰ ফলত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 39 গৰাকীলৈ বৃদ্ধি হয় ।
আক্ৰান্ত 20 গৰাকীৰ 16 গৰাকী কোৱাৰেন্টাইন কেন্দ্ৰত থকাৰ পৰিৱৰ্তে 4 গৰাকী হোম কোৱাৰেন্টাইনত আছিল । তেওঁলোকক হাইলাকান্দি এচ. কে. ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰা হয় । আক্ৰান্ত সকলো লোকেই বহিঃৰাজ্যৰ পৰা অসমত উপস্থিত হৈছিল ৷