বোকাখাত, ২১ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ (Forest destruction continues in Assam)। একাংশ দুষ্কৃতিকাৰীয়ে দিনে নিশাই ধ্বংস কৰিছে অসমৰ বনাঞ্চল আৰু সেই দুস্কৃতিকাৰীসকলক বন বিভাগৰে একাংশ লোকে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে । বিশেষকৈ উজনি অসমৰ যোৰহাট, তিতাবৰ আৰু শিৱসাগৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে বন বিভাগৰ একাংশ বিষয়াৰ সৈতে মিতিৰালি কৰি ব্যাপকভাৱে বন ধ্বংস চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।
এই সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ ডিফুস্থিত উজনি বন সংমণ্ডল বিষয়াৰ অধীনস্থ ডলামৰা আৰু কাইফ'লাংছ' আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বীট অফিচাৰে সাংবাদিকৰ সন্মুখতে স্বীকাৰ কৰে মূল্যবান কাঠৰ অবৈধ সৰবৰাহৰ কথা । প্ৰাপ্ত তথ্য মতে, ডলামৰা আৰু কাইফ'লাংছ'ৰ পৰা প্ৰতি নিশাই বোকাখাতৰ মাজেৰে উজনি অসমলৈ পাৰ হয় ৩০ৰ পৰা ৪০ খনকৈ কাঠ ভৰ্তি বাহন । তথ্য মতে, শাল, চেগুন, বনচোম, তিতাছপা আদি মূল্যবান গছৰ ৪০ লাখ টকাৰ কাঠ এটা নিশাতে সৰবৰাহ কৰে অসাধু ব্যৱসায়ীয়ে ।
এনে অবৈধ সৰবৰাহৰ বাবে অসাধু ব্যৱসায়িক সুবিধা প্ৰদান কৰি আহিছে কাৰ্বি আংলং জিলাৰ একাংশ শীৰ্ষ বন বিষয়াই । লক্ষণীয়ভাৱে বিগত কেইটামান দিনত চোৰাং কাঠ সৰবৰাহ কৰা কেইবাখনো বাহন বোকাখাত আৰু কমাৰগাঁও আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰিবলৈ সক্ষম হৈছে । ইফালে কৰ্মৰত বন বিষয়াৰ অভিযোগ অবৈধ সৰবৰাহ বন্ধ কৰিব পৰাকৈ বন বিভাগৰ হাতত নাই পৰ্যাপ্ত বনকৰ্মী, বাহন আৰু সা-সৰঞ্জাম । যাৰ বাবে দিনে নিশাই, চোৰাং কাঠ সৰবৰাহকাৰীক ধৰিব নোৱাৰে ডলামৰা আৰু কাইফ'লাংছ'ৰ বন বিষয়াই ।
লগতে পঢ়ক :Poachers killed rhino in Kaziranga : কাজিৰঙাত গঁড় হত্যা অব্যাহত থকাৰ সন্দেহ কংগ্ৰেছৰ