গোলাঘাট, 14 নৱেম্বৰ: গোলাঘাটৰ নুমলীগড়ৰ ৰাজপথত হাতে হাতে প্লে' কাৰ্ড লৈ ওলাই আহে এদল মহিলা ৷ প্ৰতিবাদ কৰে গুটখা, মাদক দ্ৰৱ্য সেৱন আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ৷
কালীয়নী ব্লক গ্ৰাম্য সংগঠন আৰু ৰৌদোৱা গ্ৰাম্য সংগঠনৰ মহিলাসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নৱপ্ৰজন্মক কোঙা কৰা ড্ৰাগছ, সুৰা আদি বৰ্জনৰ লগতে নাৰী নিৰ্যাতন ৰোধৰ আহ্বানেৰে এক সজাগতামূলক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷
উল্লেখ্য যে, মাদক দ্ৰৱ্য সেৱনৰ ফলত প্ৰায়েই বিভিন্ন ঘৰুৱা সংঘাত, দুৰ্ঘটনাকে ধৰি সংঘটিত হৈ আছে ভিন্ন অপৰাধমূলক কৰ্মকাণ্ড ৷ যাৰ বিৰোধিতাৰে গোলাঘাটৰ একাংশ সচেতন মহিলাই এই সচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰে ৷
লগতে পঢ়ক : NRC ৰ মুখ্য সমন্বয়কৰ নিযুক্তিক লৈ প্ৰতিক্ৰিয়া আমছুৰ