তিতাবৰ,২৫ আগষ্ট : গোলাঘাট জিলাৰ মেৰাপানীত জঘন্য ঘটনা । তালিবানী শাস্তি প্ৰদান এগৰাকী মহিলাক (Woman harassment at Merapani)। মহিলাগৰাকীক চলোৱা অত্যাচাৰৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত । ভুক্তভোগী মহিলাগৰাকী এতিয়া কাষ চাপিছে আৰক্ষীৰ ।
ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে মেৰাপানীৰ পৰা নগাপাহাৰৰ নামনিলৈ দুখন বাহনেৰে তেওঁক আৰু আন দুগৰাকী মহিলাক অপহৰণ কৰি লৈ যোৱা হৈছিল । তেওঁলোকক প্ৰথমে সুৰাপান কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু পাছত পিন্ধি থকা কাপোৰ ফালি শাৰীৰিকভাৱে অপদস্থ কৰিছিল (Physically assaulting women)। ভুক্তভোগী এগৰাকী মহিলাই অভিযোগ কৰা মতে যোৱা ২৩ আগষ্টত সংঘটিত হৈছিল এই ঘটনা ।
ভুক্তভোগী মহিলাগৰাকী আন দুগৰাকী মহিলাৰ সৈতে মেৰাপানীৰ ফ্লাৱাৰভেলী স্কুলত থকা পুত্ৰক লগ কৰাৰ উদ্দেশ্যে মেৰাপানীলৈ গৈছিল । তেতিয়াই মেৰাপানী ইচলামপুৰৰ নিবাসী ফৰিদুল হুছেইন আৰু আন দুজনমানে এখন ৰঙা ৰঙৰ AS-05-3538 নম্বৰৰ বাহনেৰে তেওঁলোকক অপহৰণ কৰি লৈ যায় । অভিযোগ অনুসৰি অপহৰণকাৰী দলটোৱে তিনি মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায় (Merapani Kidnap and Physically assaulting case)।
আনহাতে আক্ৰমণৰ ভিডিঅ' অপহৰণকাৰী দলটোৱে ম'বাইল বন্দী কৰি ভাইৰেল কৰে । মহিলা কেইগৰাকীয়ে পাছত চিঞৰ-বাখৰ কৰাত স্থানীয় লোক উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰে । ইফালে নিৰ্যাতন আৰু অপহৰণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযুক্ত ফৰিদুল হুছেইনৰ লগতে তেওঁৰ পত্নী, মাতৃ আৰু আন দুজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাই ।
ইফালে একাংশই আকৌ এই ঘটনা পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হোৱা বুলিও অভিযোগ কৰিছে । কিন্তু এনেদৰে এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ পাছতো মেৰাপানী আৰক্ষীয়ে ভুক্তভোগীৰ পৰা এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উঠিছে । যাৰ বাবে সমগ্ৰ বিষয়টোক লৈ মেৰাপানী অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ঘটনাৰ পাছতে ভুক্তভোগী মহিলাগৰাকীৰ কাষত থিয় দিছে একাংশ সংগঠন । মহিলাগৰাকীক ন্যায় প্ৰদানৰো দাবী জনাইছে সচেতন মহলে ।
লগতে পঢ়ক :আৰতি তুৰিৰ বাসগৃহত ফ’ৰেনছিকৰ দল