জানিব পৰা মতে তেঁওৰে পৰিয়ালৰ একাংশই ডাইনী সন্দেহত নিশা মহিলা গৰাকীক পথাৰৰ মাজলৈ নি মাৰপিট কৰাৰ উপৰিও মানুহৰ মল খোৱাই হত্যাৰ চেষ্টা। কথমপি ৰক্ষা পৰিল দুৰ্ভগীয়া মহিলা গৰাকী।
ঘটনা অনুসৰি প্ৰেমহৰা গাঁৱৰ দুৰ্ভগীয়া মহিলা গৰাকীক ডাইনীৰ সন্দেহত প্ৰথমে ঘৰৰ পৰা চুচৰাই পথাৰলৈ নি শৰীৰৰ বস্তু ফালি দিয়ে, তাৰপিছতে কুঠাৰেৰে আক্ৰমণ কৰি পুখুৰীত পেলাই মানুহৰ মল মুত্ৰ খোৱাই মহিলা গৰাকীক।
সৌভাগ্যক্ৰমে স্থানীয় গাওঁবুঢ়াৰ তৎপৰতাত নিশা মহিলা গৰাকীৰ প্ৰাণ ৰক্ষা পৰে। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক আটক কৰিছে। ধৃত কেইজন হ'ল জিতেন মুৰ্মু, ডডেন মুৰ্মু, গোবিন মুৰ্মু ৷ ধৃত অভিযুক্ত কেইজন ককাই- ভায়েক আৰু নিৰ্যাতিতা মহিলা গৰাকী দদায়েকৰ জীয়েক।