ETV Bharat / state

নুমলীগড়ত হস্তী-মানৱৰ সংঘাত: যুৱকক গছকি আঘাতপ্ৰাপ্ত কৰাৰ দৃশ্য ভাইৰেল

author img

By

Published : Dec 2, 2020, 10:57 AM IST

গোলাঘাটৰ নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ দৃশ্য ভাইৰেল ৷ এটা প্ৰকাণ্ড হাতীয়ে গুৰিয়াই গুৰিয়াই আক্ৰমণ কৰে এজন যুৱ কৃষকক ৷ যুৱকজনক অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ৷

wildlife elephant attack in numaligarh
নুমলীগড়ত হস্তী-মানৱৰ সংঘাত

গোলাঘাট, 2 ডিচেম্বৰ : গোলাঘাটৰ নুমলীগড়ত মঙলবাৰে সৃষ্টি হয় হাতী-মানুহৰ সংঘাত ৷ এটা প্ৰকাণ্ড হাতীয়ে গুৰিয়াই গুৰিয়াই এজন যুৱকক আক্ৰমণ কৰা দৃশ্য ভাইৰেল হৈ পৰিছে ৷

নুমলীগড়ত হস্তী-মানৱৰ সংঘাত

ঘটনা অনুসৰি, নিজৰ খেতিডৰা বচাবলৈ গৈ বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে লেটেকুজান চাহ বাগিচাৰ কাষৰ পথাৰত আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৰামা কৰ্মকাৰ নামৰ যুৱকজনক ৷ যুৱকজনক স্থানীয় বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচত অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

নুমলীগড়ত হস্তী-মানৱৰ সংঘাত

ইফালে নিতৌ পকা ধাননি পথাৰত জাক-জাক হাতীয়ে তহিলং কৰিছে শ শ বিঘা পথাৰ । যাৰ ফলস্বৰূপে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে কৃষকে ৷ তীব্রতৰ হৈ পৰা হাতী-মানুহৰ সংঘাতক লৈ কাণ নিদিয়া বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.