ETV Bharat / state

প্ৰকৃতিপ্ৰেমী, কবিৰাজ তৰুণ হাজৰিকাৰ দেহাৱসান - বৃক্কৰোগ

বিশিষ্ট কবিৰাজ তৰুণ হাজৰিকাৰ দেহাৱসান ৷ বুধবাৰে দিনৰ ১১ বজাত গোলাঘাট জিলাৰ দেৰগাঁৱৰ দিচৈ তিনিআলিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ প্ৰকৃতিপ্ৰেমী হাজৰিকাৰ ৷

প্ৰকৃতিপ্ৰেমী, কবিৰাজ তৰুণ হাজৰিকাৰ দেহাৱসান

author img

By

Published : May 12, 2021, 9:21 PM IST

গোলাঘাট,12 মে': প্ৰকৃতিপ্ৰেমী কবিৰাজ তৰুণ হাজৰিকাৰ দেহাৱসান । বুধবাৰে দিনৰ ১১ বজাত গোলাঘাট জিলাৰ দেৰগাঁৱৰ দিচৈ তিনিআলিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ । কিছুদিনৰ পৰা বৃক্কৰোগত আক্ৰান্ত হৈ আছিল প্ৰকৃতিপ্ৰেমী ব্যক্তিগৰাকী । সন্তানহীন ৰোগৰ কবিৰাজী চিকিৎসাৰে অত্যাধুনিক চিকিৎসা-প্ৰযুক্তিবিদ্যাক প্ৰত্যাহ্বান জনাইছিল তৰুণ হাজৰিকাই ।

প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি তৰুণ হাজৰিকাৰ আছিল অকৃত্ৰিম মৰম । দেৰগাঁৱৰ নেঘেৰিটিং শিৱদ'লৰ শ শ বান্দৰক প্ৰতি পুৱাই যোগান ধৰিছিল আহাৰ । বনৰীয়া চৰাইকো প্ৰতি পুৱা আহাৰ যোগান ধৰিছিল এইগৰাকী প্ৰকৃতিপ্ৰেমী হাজৰিকাই । কাজিৰঙাৰ মাতৃহাৰা এটা গঁড়ৰ পোৱালিৰো দায়িত্ব লৈছিল । প্ৰতিবছৰে বানত আৱদ্ধ হোৱা পহু উদ্ধাৰ কৰি কাজিৰঙা অভয়াৰণ্যত মুকলি কৰি দিছিল হাজৰিকাই ।

প্ৰকৃতিপ্ৰেমী, কবিৰাজ তৰুণ হাজৰিকাৰ দেহাৱসান

প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ বাবেই লাভ কৰিছিল ড৹ আম্বেদকাৰ বঁটা । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত নিজা বাসগৃহত সুধাকণ্ঠৰ পূৰ্ণাংগ মূৰ্তি নিৰ্মাণ কৰিছিল তৰুণ হাজৰিকাই । তৰুণ হাজৰিকাৰ মৃত্যুত শোকস্তব্ধ গুণমুগ্ধৰ লগতে শুভাকাংক্ষীসকল ।

লগতে পঢ়ক: কলিয়াবৰৰ ননৈ চাহ বাগিচাত ক’ভিড সজাগতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.