ETV Bharat / state

গোলাঘাটত হাতী খেদিবলৈ শকতি নাই বনবিভাগৰ, ৰাইজেই কান্ধপাতি ল’লে দায়িত্ব

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 7:55 PM IST

বনৰীয়া হাতী খেদিবলৈ বনবিভাগৰ অস্ত্ৰ-শস্ত্ৰও নাই, মানুহো নাই ৷ গতিকে ৰাইজ ওলাই আহিল যিয়েই যেনেকৈ পাৰে ৷ ভয়ংকৰ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাধ্য সাধাৰণ জনতা ৷

wild elephant in golaghat rat
গোলাঘাটত বন্যবস্তীৰ ত্ৰাস

গোলাঘাটত বন্যবস্তীৰ ত্ৰাস

গোলাঘাট, 1 ডিচেম্বৰ : গোলাঘাটত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে ৷ সংঘাত ৰোধত চূড়ান্তভাৱে বিফল বন বিভাগৰ লোকৰ স্বীকাৰোক্তি- ‘‘ মেন পাৱাৰ নাই’’ ৷ ইফালে হাতীৰ জাকক খেদিবলৈ ভয়ংকৰ পৰিস্থিতিৰ সম্মুখেৰেই আগবাঢ়ি আহিল সাধাৰণ জনতা ৷

ৰাজ্যৰ বিয়োগোম বন বিভাগৰ লগত নাই কোনো বাহনৰ ব্যৱস্থা । যাৰ পৰিপ্ৰেক্ষিতত জটিল পৰিস্থিতিৰ পৰা সাধাৰণ জনতাক ৰক্ষা কৰিবলৈ সঠিক সময়ত নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব নোৱাৰে বন বিভাগৰ লোক ৷ ইফালে পথাৰৰ ধান খাই কৃষকৰ সৰ্বস্ব নিঃশেষ কৰিছে বন্যহস্তীয়ে ৷

উল্লেখ্য যে, গোলাঘাটৰ অভয়জান, ৫ নং থুৰাজান আদি অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ চলাই অনিষ্ট কৰিছে বহু সা-সম্পত্তি ৷ ফলত কৃষক ৰাইজক অতি সোনকালে ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ মাজতে শুকুৰবাৰে আঘাতপ্ৰাপ্ত হয় এটা বন্যহস্তী ৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰায় ডেৰশটা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰি নিশা কৃষকৰ সোণোৱালী খেতি পথাৰৰ ধান খাই তহিলং কৰি পুনৰ বনাঞ্চলৰ দিশে অগ্ৰসৰ হৈছে বন্যহস্তীৰ জাক । গোলাঘাটৰ জিলাৰ থুৰামুখ, অভয়জান, ৫ নং থুৰাজান আদিৰ লগতে বিভিন্ন স্থানত সন্ধিয়া নামি অহাৰ লগেলগে এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে বৃহৎ বন্যহস্তীৰ জাকে ।

পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । বন বিভাগৰ লোক‌‌‌ সময়ত উপস্থিত নোহোৱাৰ বাবে গাঁৱৰ ৰাইজে নিজেই ওলাই আহে বন্যহস্তীক খেদিবলৈ । বন্যহস্তীক খেদিবলৈ যাওঁতে গাঁৱৰ ৰাইজে ব্যৱহাৰ কৰে বিভিন্ন সামগ্ৰী । বন্যহস্তীৰ আক্ৰমণত নিৰীহ লোক নিহত হোৱাৰ উপৰিও আঘাতপ্ৰাপ্ত হয় বন্যহস্তী ৷

অতি সোনকালে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰাৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰিলে ভবিষ্যতৰ দিনত যে ভয়ংকৰ ৰূপ ধাৰণ কৰিব সেয়া ধুৰূপ ।

লগতে পঢ়ক : বনমন্ত্ৰী কিহত ব্যস্ত ? গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে কি ৰূপ লৈছে জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.