গোলাঘাট, 21 ডিচেম্বৰ : পক্ষীকূল সংৰক্ষণৰ বাবে অতি গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ (Important Bird Area) হিচাবে বিবেচিত হৈছে কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বিভিন্ন জলাশয়ত প্ৰতিবছৰে আগমণ ঘটে বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ (Migratory Birds in Kaziranga national park) ৷ এশেঙীয়া গঁড়ৰ উপৰিও বিভিন্ন পৰিভ্ৰমী পক্ষীৰ কোলাহলত বৰ্তমান এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে উদ্যানখনত ৷
মঙলবাৰৰ পৰা দুদিনীয়াকৈ কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে পক্ষী গণনা কাৰ্যসূচী (Bird census at Kaziranga national park) ৷ প্ৰতিবছৰৰ দৰে এইবছৰো ৰাষ্ট্ৰীয় উদ্যানখনত পক্ষী গণনাৰ বাবে মুঠ ১৫০ গৰাকী স্বেচ্ছাসেৱকক ৩৯ টা দলত বিভক্ত কৰা হৈছে ৷ এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱকে পক্ষী গণনাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ।
জানিব পৰা মতে, মঙলবাৰ উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ বিভিন্ন বিলসমূহত পক্ষী গণনাৰ কাম সমাপন কৰা হৈছে ।
এই পক্ষী গণনাৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যানত থকা ভিন্ন পক্ষীৰ প্ৰজাতি আৰু ইয়াৰ সংখ্যা নিধাৰণৰ কৰা হ’ব । পক্ষীৰ বাবে খ্যাত উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ পৰা আৰম্ভ কৰা হৈছে পক্ষী গণনাৰ কাম ৷ প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক ২৪ ডিচেম্বৰত কঁহৰা, বুঢ়াপাহাৰ ৰেঞ্জ আৰু ২৬ ডিচেম্বৰত অষ্টম সংযোজন বিশ্বনাথ ৰেঞ্জত অনুষ্ঠিত হ’ব পক্ষী গণনাৰ কাম ৷
বিগত বৰ্ষত কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান (Kaziranga national park)ত ৯৩ হাজাৰ পক্ষীৰ অৱস্থিতিৰ কথা উদ্যান কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিছিল । এই গণনাৰ দ্বাৰা উদ্যানখনত স্থায়ীভাৱে থকা বা দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ অৱস্থিতি সম্পৰ্কে জানিব পাৰি বুলি উদ্যান কৰ্তৃপক্ষই জানিব দিয়ে । মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ উপস্থিত থাকে ৷
আগন্তুক 26 ডিচেম্বৰত সম্পূৰ্ণ হ’ব কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গণনাৰ কাৰ্যসূচী ৷ উক্ত দিনাহে সঠিক ভাৱে উদ্যানখনত থকা দেশী আৰু পৰিভ্ৰমী পক্ষীৰ অৱস্থিতি সম্পৰ্কে জানিব পৰা যাব ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷
লগতে পঢ়ক : Migratory Birds in Dipor Bil: পৰিভ্ৰমী পক্ষীৰ আবিহনে উদং দীপৰ বিল