সৰুপথাৰ,৮ আগষ্ট: গোলাঘাট জিলাৰ দৈয়াং নৈপৰীয়া ৰাইজৰ বাবে বিপদ হৈ ঠিয় দিব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্প । ইতিমধ্যে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত সতৰ্কবাণী প্ৰেৰণ কৰিছে নৈপৰীয়া ৰাইজলৈ । নগা পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমা অতিক্ৰম কৰিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীয়ে । সেয়ে যিকোনো মূহুৰ্ত্তত খুলি দিয়া হ'ব পাৰে জলবিদ্যুৎ প্ৰকল্পটোৰ গেইটসমূহ ।
![Dayang Hydroelectric Project Authority warns](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/doyanghydroelectricprojectfloodalert_08082023173319_0808f_1691496199_482.jpg)
জানিবপৰা মতে, দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীয়ে ৩১৯.৭০ মিটাৰ অতিক্ৰম কৰিছে । ৰিজাৰ্ভাৰৰ পানী ৩২১ মিটাৰ স্পৰ্শ কৰিলেই খুলি দিয়া হ'ব পাৰে দৈয়াং জলবিদ্যুৎ প্ৰকল্পটোৰ গেইটসমূহ । সেয়ে, নৈপৰীয়া ৰাইজক সাৱধান হৈ থাকিবলৈ গোলাঘাট জিলা প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ ।
![Dayang Hydroelectric Project Authority warns](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/doyanghydroelectricprojectfloodalert_08082023173319_0808f_1691496199_427.jpg)
জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা-ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে ।
![Dayang Hydroelectric Project Authority warns](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/doyanghydroelectricprojectfloodalert_08082023173319_0808f_1691496199_1007.jpg)
উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ধনশিৰি, দৈয়াং আদি নৈসমূহকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি পাই আছে । NEEPCO কৰ্তৃপক্ষই জনোৱা মতে নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানীও ক্ৰমাৎ বৃদ্ধি পাই আছে ।
![Dayang Hydroelectric Project Authority warns](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/doyanghydroelectricprojectfloodalert_08082023173319_0808f_1691496199_269.jpg)
মঙলবাৰে পুৱা ৬ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩১৯.২০মিটাৰ আৰু দিনৰ ১১ বজাত এই পৰিমাণ আছিল ৩১৯.৭০মিটাৰ । এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰা হৈছে । NEEPCO কৰ্তৃপক্ষই জনাইছে যে, জলস্তৰ এনেকৈ বৃদ্ধি পাই থাকিলে ইএল ৩২১ মিটাৰ হোৱাৰ লগে লগেই অত্যধিক পানীখিনি উলিয়াই দিয়াৰ বাবে দৈয়াং ৰিজাৰ্ভাৰৰ ৰেডিয়েল গেটসমূহ খুলি দিয়া হ'ব ।
![Dayang Hydroelectric Project Authority warns](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/doyanghydroelectricprojectfloodalert_08082023173319_0808f_1691496199_660.jpg)
অত্যধিক পানীখিনি দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰে দৈয়াং নদীৰে বৈ যাব । ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া লোকসকলক কিছু সতৰ্ক হ'বলৈ আহ্বান জনাই ।
![Dayang Hydroelectric Project Authority warns](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/doyanghydroelectricprojectfloodalert_08082023173319_0808f_1691496199_1021.jpg)
জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। লগতে এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।
লগতে পঢ়ক: Assam flood Situation: ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু