ETV Bharat / state

Man Tiger conflict: গোলাঘাটত নাহৰফুটুকী আৰু জীৱশ্ৰেষ্ঠৰ যুঁজত প্ৰাণ গ'ল নাহৰফুটুকীৰ - বন বিভাগ

গোলাঘাট জিলাৰ টেঙানী ১ নং কেকুৰীগাঁৱl ভয়ংকৰ ঘটনা ৷ মানুহ আৰু নাহৰফুটুকীৰ আক্ৰমন প্ৰত্যাক্ৰমণত তিনিগৰাকী গঞা আহত হোৱাৰ লগতে নাহৰফুটুকীৰ মৃত্যু হয় (villagers brutally killed a leopard ) ৷

villagers brutally killed a leopard in Golaghat
গোলাঘাটত নাহৰফুটুকী আৰু জীৱশ্ৰেষ্ঠৰ যুঁজত প্ৰাণ গ'ল নাহৰফুটুকীৰ
author img

By

Published : Mar 31, 2023, 10:29 PM IST

গোলাঘাটত নাহৰফুটুকী আৰু জীৱশ্ৰেষ্ঠৰ যুঁজত প্ৰাণ গ'ল নাহৰফুটুকীৰ

গোলাঘাট, 31 মাৰ্চ: গোলাঘাট জিলাত সঘনাই সংঘটিত হৈছে নাহৰফুটুকীৰ আক্ৰমণৰ ঘটনা (Man Tiger conflict) ৷ বিশেষকৈ চাহ বাগিচাত আশ্ৰয় গ্ৰহণ কৰা লোকসকল নাহৰফুটুকীৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুৱা গোলাঘাটৰ টেঙানী ১ নং কেকুৰীগাঁৱত নাহৰফুটুকী আৰু জীৱশ্ৰেষ্ঠৰ মাজত এখন তয়াময়া যুঁজৰ সৃষ্টি হয় ৷ তাৰ পৰিণতিত জীৱশ্ৰেষ্ঠৰ হাতত প্ৰাণ হেৰুৱাব লগা হয় এটা নাহৰফুটুকী বাঘে (villagers brutally killed a leopard ) ৷

ঘটনা অনুসৰি এখন চাহ বাগিচাৰ কাষত গৰু এৰাল দিবলৈ যাওঁতেই তিনিগৰাকী লোকক আক্ৰমণ কৰে এটা নাহৰফুটুকী বাঘে ৷ চাহ বাগিচাখনৰ পৰা হঠাৎ ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে আক্ৰমণ কৰে তিনিওজনকে (Leopard attacks 3 villagers)। লগে লগে অঞ্চলটোত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ ততাতৈয়াকৈ গাঁৱৰ লোকে আহত তিনিওজনকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

বৰ্তমান চিকিৎসাধীন লোক তিনিজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। ইফালে ইয়াৰ পিচতে গাঁৱৰ লোকে আক্ৰমণ কৰা নাহৰফুটুকীটোক হানি খুচি হত্যা কৰি গাত খান্দি পুতি থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(brutally killed a leopard in Golaghat)। নাহৰফুটুকী বাঘটোক হত্যা কৰাৰ বহু সময়ৰ পিচতহে বন বিভাগৰ লোকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ গাঁতৰ পৰা নাহৰফুটুকীটোক উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে নাহৰফুটুকীটোক নিৰ্মমভাৱে হত্যা কৰাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বন বিভাগে। বৰ্তমান সময়লৈকে এই ঘটনাৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

স্মৰ্তব্য যে বৰ্তমান গোলাঘাট জিলাৰ চাহ বাগিচাসমূহ নাহৰফুটুকীৰ ৰম্যভূমি লৈ পৰিণত হৈছে ৷ এনে পৰিৱেশৰ ফলত সাধাৰণ ৰাইজে চাহ বাগিচালৈ কাম কৰিবলৈ যাবলৈ আতংকিত হৈছে ৷ অঞ্চলটোত আনাগত সময়ত বাঘ মানুহৰ সংঘাতৰ সন্দৰ্ভত চৰকাৰ তথা বন বিভাগে কেনেদৰে নিষ্পত্তি কৰিবলৈ সক্ষম হয় সেইয়াহে হ'ব লক্ষ্যণীয় বিষয়।

লগতে পঢ়ক: Allegation of harassment: ধুবুৰীত সমাজ কল্যাণ বিষয়াৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.