গোলাঘাট, 17 ফেব্ৰুৱাৰী : যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰলাই কুমাৰ গাঁৱত বুধবাৰে দুটাকৈ গৰু চোৰক আটক কৰা হয় ৷ নিশাৰ এক গৰু চুৰিকাণ্ডৰ সম্ভেদ পাই স্থানীয় ৰাইজে আটক কৰে উক্ত গৰু চোৰ কেইটাক ৷
স্থানীয় লোকে সদৰি কৰা মতে, বকলাইৰ লগতে সমীপৱৰ্তী কাকডোঙা অঞ্চলত বিগত কেইমাহৰ পৰা গৰু চুৰিকাণ্ড সংঘটিত হৈ আহিছিল ৷ সেই অনুসৰি যোৱা নিশাও কোকডোঙা অঞ্চলৰ পৰা গৰু চুৰি কৰি গাড়ীৰে লৈ যোৱা সম্ভেদ লাভ কৰিছিল স্থানীয় লোকে ৷
ইয়াৰ পিচতে বৰলাই কুমাৰ গাঁৱৰ নিবাসী দ্বীজেন বৰাৰ নামৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি থকা সময়তে চোৰ কেইটাক আটক কৰা লগতে গোলাঘাট আৰক্ষীক গটাই দিয়ে স্থানীয় লোকে ৷ জানিব পৰা মতে চোৰ দুটাৰ নাম যদু শইকীয়া আৰু সীমান্ত গগৈ ৷
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা দ্বীজেন বৰাৰ নামৰ লোকজনৰ ওপৰত প্ৰায়ে গৰু চোৰৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ গৰু চোৰৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত আছিল দ্বীজেন বৰা ৷ চোৰ কেইটাক আটক কৰা সময়ত দ্বীজেন বৰাৰ ঘৰৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷
ইফালে, চোৰ দুটাক আটক কৰা হয় যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল চুৰি হোৱা গৰু কেইটা। চোৰ দুটাক লগত লৈ স্থানীয় লোকৰ সহযোগত গোলাঘাট, কমাৰবন্ধা আৰু বৰহোলা থানাৰ আৰক্ষীয়ে অভিযান চলাই যদিও গৰু কেইটাৰ কোনো সম্ভেদ লাভ নকৰে ৷
লগতে পঢ়ক: মিচিং সকলৰ মাজত আলি আয়ে লৃগাঙৰ উছাহ