ETV Bharat / state

Scam in PMGSY scheme at Sarupathar : গৃহহীনে নাপায় চৰকাৰী গৃহ

author img

By

Published : Nov 29, 2021, 5:37 PM IST

সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অন্তর্গত ৰজাপুখুৰী গাঁও পঞ্চায়তত চলিছে ব্যাপক দুৰ্নীতি (Allegation of corruption in PMGSY scheme implementation) ৷ ৰাজ্য চৰকাৰখনে উন্নয়নৰ ক্ষেত্ৰত নিতৌ ন ন আঁচনি প্ৰস্তুত কৰি আহিছে ৷ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ লাকী মাল নামৰ এই মহিলাগৰাকীৰ পৰিয়ালটোৱে আজিলৈকে লাভ নকৰিলে কোনোধৰণৰ চৰকাৰী সুুবিধা ৷

pradhan-mantri-awaas-yojana-sarupathar-gram-panchayat-illegal
ৰজাপুখুৰী পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ

সৰুপথাৰ , 29 নৱেম্বৰ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত চলিছে দুৰ্নীতি ৷ সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অন্তর্গত ৰজাপুখুৰী গাঁও পঞ্চায়তত পঞ্চায়তৰ আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত দৰিদ্ৰ লোক(Scam in panchayat scheme) ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷

ৰজাপুখুৰী পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ

জানিব পৰা মতে, ৰজাপুখুৰী গাঁও পঞ্চায়তখনৰ কাৰ্যালয়ৰ গাতে লাগি থকা এটা পৰিয়ালে বহু আবেদন-নিবেদন কৰিও আজিলৈকে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম নহ'ল । সুদীৰ্ঘ দিন ধৰি এখন টিঙৰ চালিৰ তলত যথেষ্ট কষ্টৰে দিন কটাইছে লাকী মাল নামৰ এই মহিলাগৰাকীৰ পৰিয়ালটোৱে ৷ মাত্ৰ টিঙৰ চালিখনক ভৰষা কৰি চলা এই পৰিয়ালটোৱে বতাহ-বৰষুণ আহিলেই ঘৰৰ চালিখন ভাগি পৰাৰ আশংকাত আশ্ৰয় বিচাৰি আনৰ ঘৰলৈ যাবলৈ বাধ্য হয় (Poor family in Golaghat) ৷

ৰাজ্য চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত নিতৌ ন ন আঁচনি প্ৰস্তুত কৰিছে, তাৰ ভিতৰত 'প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) (Pradhan Mantri Awash Yojana in Assam) উল্লেখযোগ্য ৷ এই আঁচনিৰ মূল লক্ষ্য হ’ল ২০২২ চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ বাসোপযোগী গৃহ নিশ্চিত কৰণ । তেনেক্ষেত্ৰত এই দৰিদ্ৰ পৰিয়ালটোৱে আজি পৰ্যন্ত PMAY আঁচনিৰ অধীনত নাপালে এটি আবাস গৃহ ৷

কেৱল মাত্ৰ চৰকাৰী ঘৰেই নহয় 'অনাময় আঁচনি'ৰ অধীনত শৌচাগাৰো পোৱা নাই এই দৰিদ্ৰ পৰিয়ালটোৱে (Scam in sanitation scheme) ৷ আনকি 2017 চনত ধনশিৰি মহকুমা কঁপাই যোৱা কাল ধুমুহাই ঘৰ তচনচ কৰাৰ পিছতো নামৰ মহিলাগৰাকীৰ পৰিয়ালটোৱে নাপালে কোনো চৰকাৰী সাহায্য ।

তদুপৰি ৰজাপুখুৰী পঞ্চায়তৰ আৰ্থিকভাৱে স্বচ্ছল লোককহে দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰস্তুত কৰা এই আঁচনিসমূহ প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয়লোকসকলে ৷ লগতে পঞ্চায়তখনৰ এনে জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কৰ্তৃপক্ষক তদন্ত কৰিবলৈ দাবী জনাইছে । স্থানীয় বিধায়ক গৰাকীকো এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয়লোক সকলে ।

লগতে পঢ়ক : Lack of infrastructure in primary schools: কোনো আঁচনিয়ে ঢুকি নোপোৱা সেউজপুৰ প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.